তিতাবৰৰ বেকাজানত বিত্তমন্ত্ৰী অজন্তা নেওগৰ দ্বাৰা ম্যাদি পট্টা বিতৰণ

0 172

অসম নাগালেণ্ড সীমান্তৱৰ্তী থলুৱা ৰাইজৰ দীৰ্ঘকালীন অপেক্ষাৰ অন্ত পেলাই আজি তিতাবৰ বেকাজান অঞ্চলৰ সীমান্তৱৰ্তী ৬ খন গাঁৱৰ ৫০০ লোকক ভূমিৰ ম্যাদি পট্টা প্ৰদান কৰা হয়৷বেকাজান ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী তথা অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগে হিতাধিকাৰীসকলক পট্টা প্ৰদান কাৰে৷ ভাষণত মন্ত্ৰীগৰাকীয়ে ভূমিপুত্ৰসকলক মাটিৰ অধিকাৰ প্ৰদান আৰু সুৰক্ষিত কৰাৰ বাবে চৰকাৰৰ দৃঢ় পদক্ষেপৰ কথা দোহাৰে৷ মন্ত্ৰীগৰাকীয়ে, আৰু যিসকল লোকৰ হাতত এলটমেন্ট চাৰ্টিফিকেট আছে তেনে লোকসকলক আগবাঢ়ি আহি নিজৰ ম্যাদি পট্টা সোনকালে তৈয়াৰ কৰি ল’বলৈ আহ্বান জনায়৷ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে যোৰহাট জিলাত বিকাশৰ বাবে এপষেক কাৰ্যসূচীৰ অধীনত জিলাখনত অসম চৰকাৰে হাতত লোৱা আঁচনি তথা অৰুনোদই,অমৃত সৰোবৰ,শিক্ষাৰ্থীলৈ স্কুটি প্ৰদান আদি চৰকাৰৰ অভিলাষী আঁচনি সমূহৰ ওপৰত আলোকপাত কৰে৷মন্ত্ৰী নেওগে মহিলাসকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা উন্নয়নমূলক আঁচনিৰ বিষয়ে উল্লেখ কৰি জনাই যে,মহিলাৰ বিকাশেই ভাৰত তথা অসম চৰকাৰৰ লক্ষ্য৷মন্ত্ৰীগৰাকীয়ে সমাজ কল্যাণ আৰু পঞ্চায়তৰ অধীনত চলি থকা মহিলা সৱলীকৰণ আঁচনিসমূহৰ বিষয়ে ওচৰৰ পঞ্চায়ত তথা চৰকাৰী কাৰ্যালয়ৰ লগত যোগাযোগ কৰিবলৈ মহিলাসকলক আহ্বান জনায়৷

সভাত উপস্থিত থাকি যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে ৰাইজক জনাই যে, বাকী থকা তিনিখন গাঁৱৰ জনসাধাৰণেও অতি শীঘ্ৰে ম্যাদি পট্টা লাভ কৰিবলৈ সক্ষম হ’ব৷এই বিষয়ে সভাতেই উপায়ুক্ত গৰাকীয়ে তিতাবৰ ৰাজহ চক্ৰ বিষয়াক নিৰ্দেশ দিয়ে৷সভাত তিতাবৰৰ বিধায়ক ভাস্কৰ জ্যোতি বৰুৱা,ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যৱাহী সদস্য প্ৰতাপ কছাৰী,তিতাবৰৰ মহকুমাধিপতি গায়ত্ৰী হায়ালিংগে,তিতাবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জয়ন্ত বৰা,
ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যৱাহী সদস্য বিপুল কছাৰী প্ৰমুখ্যে বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.