তিনিচুকীয়াৰ টাই সংস্কৃতি চর্চা কেন্দ্ৰত ১২ ফুট উচ্চতাৰ চুকাফাৰ প্ৰতিমূৰ্তি উন্মোচন

0 135

তিনিচুকীয়াৰ শ্ৰীপুৰীয়াস্থিত টাই সংস্কৃতি চর্চা কেন্দ্রত দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা টাই সংস্কৃতি চর্চা কেন্দ্ৰৰ পূর্ণাংগ অধিৱেশন। টাই সাংস্কৃতিক সমাৰোহৰ লগত সংগতি ৰাখি বুধবাৰে চাওল্যুং ছ্যু-কা-ফাৰ ১২ ফুট উচ্চতাৰ এটা প্ৰতিমূৰ্ত্তি উন্মোচন কৰে ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী ড° ৰণোজ পেগুয়ে ৷প্ৰতিমূৰ্ত্তি উন্মোচন কৰি মন্ত্ৰী জনাই বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তীত অংশগ্ৰহণ কৰাৰ পিছত টাই সংস্কৃতি চৰ্চা কেন্দ্ৰই নিজা পূঁজিৰে সাজি উলিওৱা চাওল্যুং ছ্যু-কা-ফা ৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰি নিজকে সৌভাগ্যবান বুলি মন্তব্য কৰে । আহোমৰ সেনাপতি লাচিত বৰফুকনে যিদৰে শৰাইঘাটৰ ৰণত মোগলক পৰাজয় কৰি কেৱল অসমকেই নহয় দক্ষিণ-পূৱ এচিয়াক মোগলৰ পৰা ৰক্ষা কৰিছিল সেইদৰে চাওল্যুং ছ্যু-কা-ফাই বৰ অসমৰ ভেটি গঢ়ি অসমীয়াৰ শৌৰ্য-বীৰ্য, গুণ-গৰিমা, খ্যাতি-যশস্যা বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হোৱা বুলি তেওঁ মন্তব্য কৰে।

লগতে কয় যে টাই সংস্কৃতি বিকাশ কেন্দ্ৰক টাই কৃষ্টি-সংস্কৃতি ধৰি ৰখাৰ সমান্তৰালকৈ স্বৰ্গদেউজনাক সদায়েই স্মৰণ কৰি যাবলৈ আহ্বান জনায় ৷ বক্তব্যৰ মাজতে ছাত্ৰ-ছাত্ৰীসকলে যাতে মহান বীৰসকলক ভালকৈ জানিব পাৰে তাৰ উদ্দেশ্যে ‘স্বদেশ’ নামৰ এক পাঠ্যক্ৰমৰ ইতিমধ্যে আৰম্ভ কৰা হৈছে বুলি শিক্ষামন্ত্ৰী গৰাকীয়ে সদৰি কৰে ৷ লগতে আগন্তুক দিনসমূহত মৰাণ, মটককে আদি কৰি সকলো বীৰৰ বিষয়ে নতুন প্ৰজন্মই অধ্যয়ন কৰিব পৰাকৈ ভূগোল আৰু বুৰঞ্জী বাধ্যতামূলক কৰা হ’ব বুলি উল্লেখ কৰে ৷টাই সংস্কৃতি চৰ্চা কেন্দ্ৰৰ সভাপতি মনোজ কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিতিত শিক্ষা মন্ত্ৰীগৰাকীয়ে অশ্বিনী কোঁৱৰৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা ‘টিংৰাই’ নামেৰে এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে ৷ ইফালে অধিৱেশনৰ কালিৰ দিনটোত অন্যান্য কাৰ্যসূচী লগতে চাও চেং ৰেণ উন্মোচন কৰে ৰাজহমন্ত্ৰী যোগেন মহনে ৷আজি নিশালৈ খগেন গগৈ,কুসুম কৈলাশকে মুখ্য কৰি অসমৰ কেইবাগৰাকীও জনপ্ৰিয় শিল্পীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ’বলগা সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে অধিৱেশনত সামৰণি পৰিব ।

Leave A Reply

Your email address will not be published.