শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজৰ উদ্যোগত প্ৰথম কলাক্ষেত্র ৰামধেনু উৎসৱ আয়োজন

0 135

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি কলাক্ষেত্র সমাজৰ উদ্যোগত অহা ৩১ ডিচেম্বৰ পৰা ৮ জানুৱাৰীলৈ সাতদিনীয়া বিস্তৃত আৰু বৰ্ণিল কাৰ্যসূচীৰে কলাক্ষেত্র প্ৰাংগণত আয়োজন কৰা হৈছে প্ৰথম কলাক্ষেত্র ৰামধেনু উৎসৱ ২০২৩। ৩১ ডিচেম্বৰ দিনৰ ১১-০০বজাত বৰ্ণিল ছন্দ শীৰ্ষক ৰাজ্যিক চাৰু- কাৰু কলা মহাবিদ্যালয় ছাত্ৰ ছাত্ৰী সকলৰ সৃষ্টিৰাজিৰ প্ৰদৰ্শনী উন্মোচনেৰে এই উৎসৱৰ শুভাৰম্ভ কৰা হ’ব।উক্ত দিনা দিনৰ ১২ বজাত পয়োভৰা শীৰ্ষক এখনি আহাৰ মেলাৰ উদ্বোধন কৰা হ’ব। পয়োভৰাত ভোগালী জলপানৰ উদ্যোগত অসমীয়া থলুৱা আহাৰৰ প্ৰদৰ্শনী আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে।বৰ্ণিল ছন্দ আৰু পয়োভৰা দুয়োটা উৎসৱৰ অন্তিম দিনলৈ সদাশয় ৰাইজৰ বাবে মুকলি থাকিব। ৩১ ডিচেম্বৰ সন্ধিয়া ৫-০০ বজাত প্ৰীতিৰ এসন্ধ্যা শীৰ্ষক বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত কৈহাটীৰ বিখ্যাত কামৰূপীয়া ঢুলীয়া দলৰ শিল্পী সকলে ঢোলবাদন কৰিব।

প্ৰথম কলাক্ষেত্র ৰামধেনু উৎসৱ, ১ জানুৱাৰীৰ সন্ধিয়া ৫-৩০ বজাত বিহুৰ লগতে বড়ো, কাৰ্বি,তিৱা,হাজং,আদি বিভিন্ন জনগোষ্ঠীৰ শিল্পীসকলে লোক-নৃত্য গীত বাদ্যৰ এক আকৰ্ষণীয় অনুষ্ঠান পৰিবেশন কৰিব। ২ জানুৱাৰীৰ সন্ধিয়া ৫-৩০ বজাৰ পৰা হ’বলগীয়া ধ্ৰুপদী ৰংগ শীৰ্ষক শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটিত বিশিষ্ট ভায়’লিনবাদক বিদ্যুৎ মিশ্রৰ পৰিচালনাৰে এক আকৰ্ষণীয় সংগীতানুষ্ঠানৰ লগতে ওডিছী নৃত্যাশিল্পী জয়ন্তী চক্ৰৱৰ্তীৰ পৰিচালনাৰে ভাৰত নাট্যম কথক আৰু ওডিছী নৃত্যৰ সংমিশ্ৰণত প্ৰদৰ্শনেৰে ত্ৰিধাৰা, শাস্ত্ৰীয় কণ্ঠশিল্পী ড° জয়শ্ৰী দেৱীৰ সংগীতানুষ্ঠান,বিতুল দিনহাৰ পৰিচালনাৰে বিষ্ণুপ্ৰিয়া মণিপুৰী নৃত্যানুষ্ঠান আৰু সত্ৰীয়া নৃত্য এক বিশেষ অনুষ্ঠান পৰিবেশিত হ’ব।

৩ জানুৱাৰী সন্ধিয়া ৫-৩০ বজাত ‘অ’ মোৰ সুৰীয়া গীত শীৰ্ষক অনুষ্ঠানটি প্ৰবীণ শইকীয়া আৰু শৰৎ ৰাগৰ পৰিচালনাত বিয়া নাম আৰু নিচুকনি গীত পৰিবেশিত হ’ব। ৪ জানুৱাৰী সন্ধিয়া ৫-৩০ বজাত নম্ৰতা দত্তৰ পৰিকল্পনা আৰু অনুপম চৌধুৰীৰ সংগীত পৰিচালনাৰে স্বৰাজ বন্দন শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হ’ব,য’ত ভালে সংখ্যক প্ৰতিভাৱান শিল্পীয়ে স্বাধীনতা আন্দোলনৰ পটভূমিত ৰচিত কিছুসংখ্যক অসমীয়া গীত পৰিৱেশন কৰিব। ৫ জানুৱাৰী সন্ধিয়া কলাক্ষেত্র প্ৰাংগণত সুপ্ৰতিষ্ঠিত বাঁহীবাদক দীপক শৰ্মাৰ পৰিকল্পনা, পৰিচালনা আৰু পৰিবেশনেৰে প্ৰাগ- ঝংকাৰ শীৰ্ষক সুষিৰ বাদ্যৰ এক হৃদয়স্পৰ্শী অনুষ্ঠান অনুষ্ঠিত হ’ব।প্ৰথম কলাক্ষেত্র ৰামধেনু উৎসৱ ২০২৩ৰ অন্তিম অৰ্থাৎ ৬ জানুৱাৰী সন্ধিয়া ৫-৩০ বজাত পাঞ্জাবাৰীৰ অগ্ৰগামিনী গোষ্ঠীয়ে ব্ৰজাৱলী ভাষাত উষা অনিৰুদ্ধ শীৰ্ষক এখন নাট পৰিবেশ কৰিব।শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্র সমাজে প্ৰথমবাৰলৈ আয়োজন কৰা এই কলাক্ষেত্র ৰামধেনু উৎসবৰ প্ৰতিটো কাৰ্যসূচীত সকলো ৰাইজৰ উপস্থিতি আৰু সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।

Leave A Reply

Your email address will not be published.