মাননীয় ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীৰ লখিমপুৰ ভ্ৰমণ

0 155

অসমৰ মাননীয় ৰাজ্যপাল প্ৰফেছৰ জগদীশ মুখীয়ে এদিনীয়া ভ্ৰমণ সূচী লৈ কালি লখিমপুৰ জিলাত উপস্থিত হয়। ডিব্ৰুগড়ৰপৰা স্থলপথেৰে আহি জিলাখনত উপস্থিত হৈ ৰাজ্যপাল গৰাকীয়ে প্ৰথমে উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্বশাসিত) পৰিদৰ্শন কৰে আৰু অধ্যক্ষ ডঃ বিমান চন্দ্ৰ চেতিয়াৰ লগতে অধ্যাপক-অধ্যাপিকা, মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডঃ মুকুণ্ড ৰাজবংশী আৰু অন্যান্য বিষয়ববীয়া সকলৰ সৈতে এক বিশেষ সভাত মিলিত হয়। অধ্যক্ষ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত সভাখনত মহাবিদ্যালয়খনৰ অধ্যক্ষ, শিক্ষকগোট তথা মহাবিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলে ৰাজ্যপালগৰাকীক উষ্ণ সম্বৰ্ধনা জ্ঞাপন কৰে।উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন স্বায়ত্বশাসিত মহাবিদ্যালয় প্ৰাকৃতিক আৰু শৈক্ষিক পৰিৱেশ সন্দৰ্ভত ৰাজ্যপাল গৰাকীয়ে বিশেষ সন্তুষ্টি প্রকাশ কৰাৰ লগতে উচ্চ প্ৰশংসা কৰে। উক্ত সভাত ৰাজ্যপালগৰাকীয়ে তেখেতৰ শৈক্ষিক আৰু অধ্যাপনা জীৱনৰ বৰ্ণিল অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা দাঙি ধৰে।ভ্ৰমণ কালত ৰাজ্যপালগৰাকীক সংগ দিয়ে লখিমপুৰৰ জিলা উপায়ুক্ত সুমিত সত্তৱান আৰু আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাই। মহাবিদ্যালয়খনৰ এন চি চি কেডেট আৰু জিলা আৰক্ষীয়ে ৰাজ্যপালগৰাকীক গাৰ্ড অৱ অনাৰ প্ৰদান কৰে। ইয়াৰ পিছত ৰাজ্যপাল গৰাকীয়ে মহাবিদ্যালয়খনৰ আটাইকেইটা বিভাগৰ বিভাগীয় মূৰব্বী, অধ্যাপক আৰু ছাত্ৰ একতা সভাৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰে। উক্ত অনূষ্ঠানত মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰীক্ষণ কোষৰ সমন্বয়ক ড° ৰাঘৱ পাৰাজুলিয়ে কলেজৰ শৈক্ষিক আৰু আন্তঃগাঁথনিৰ সম্পৰ্কে এক বক্তৱ্য আগবঢ়াই আৰু মহাবিদ্যালয়খনৰ ভৱিষ্যত পৰিকল্পনা সম্পৰ্কেও অৱগত কৰে। ভাৱ বিনিময়ৰ সময়ত ৰাজ্যপাল গৰাকীয়ে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণৰ বাবে ৰাজ্যখনৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানসমূহক প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে
মন্তব্য আগবঢ়ায়। উত্তৰ লখিমপুৰ মহাবিদ্যালয়খনে ৰাজ্যত নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আগৰণুৱাৰ ভূমিকা পালন কৰিব বুলি ৰাজ্যপাল গৰাকীয়ে আশা প্ৰকাশ কৰে। তেখেতে কৌশলগত শিক্ষাৰ ওপৰত অত্যাধিক গুৰুত্ব দিয়াৰ লগতে ছাত্র-ছাত্ৰীৰ শাৰীৰিক, মানসিক, আধ্যাত্মিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা প্ৰদান কৰিবলৈ মহাবিদ্যালয় কৰ্তৃপক্ষক আহ্বান জনায়।

ইয়াৰ পিছতে ৰাজ্যপালগৰাকী নাৰায়ণপূৰস্থিত মাধৱদেৱ বিশ্ববিদ্যালয়লৈ ৰাওনা হয়। বিশ্ববিদ্যালয়খনতো ৰাজ্যপালগৰাকীয়ে উপাচাৰ্য ডঃ দিবাকৰ চন্দ্ৰ ডেকা, অধ্যাপক- অধ্যাপিকা সকলৰ সৈতে এক সভাত অংশ গ্ৰহণ কৰে। সভাত ৰাজ্যপাল গৰাকীয়ে বিশ্ববিদ্যালয়খনত মাতৃভাষা মাধ্যমত শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত উদ্যোগ গ্ৰহণ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে। এই ক্ষেত্ৰত জাৰ্মানী আৰু উত্তৰ প্ৰদেশৰ উদাহৰণ দাঙি ধৰি ৰাজ্যপাল গৰাকীয়ে নিৰ্ধাৰিত পাঠ্যপুথি মাতৃভাষাত প্ৰকাশ কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈও বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আহ্বান জনায়। বিশ্ববিদ্যালয়খনত মেনেজমেণ্ট শিক্ষা,আইন শিক্ষা আৰু সংহত বি, এদ পাঠ্যক্ৰমৰ শিক্ষা প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত ৰাজ্যপাল গৰাকীয়ে পোষকতা কৰে।
তদুপৰি ৰাজ্যপাল গৰাকীয়ে লখিমপুৰ জিলা প্ৰশাসন আৰু জিলাস্থিত সুৰক্ষা বাহিনীৰ বিষয়া বৰ্গৰ সৈতেও এক পৰ্যালোচনা সভাত ভাগ লয়। জিলা আবৰ্ত ভৱনৰ সভাকক্ষত অনুষ্ঠিত হোৱা সভাখনত জিলা উপায়ুক্তৰ লগতে বিভাগীয় মুৰব্বী বিষয়াসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.