তৃতীয় বাৰৰ বাবে অনুষ্ঠিত হ’ব দেইজিং ফেষ্টিভেল

0 379

স্থানীয় পৰ্যটন প্ৰসাৰ কৰা আৰু বি টি চিৰ সংস্কৃতিক আন্তৰাষ্ট্ৰীয় পৰ্য্যায়লৈ যোৱাৰ  উদ্দেশ্য আগত ৰাখি তৃতীয়বাৰৰ বাবে অনুষ্ঠিত হৈছে দেইজিং ফেষ্টিভেল।চিৰাঙৰ হাগ্ৰামা ব্ৰীজ সমীপত আই নদীৰ পাৰত অনুষ্ঠিত হ’ব লগা ফেষ্টিভেলটোত বড়ো জনজাতি আৰু উত্তৰ পূূূবৰ কলা সংস্কৃতি প্ৰদৰ্শন হ’ব  ।ইয়াৰ উপৰিও এই ফেষ্টিভেলটোত ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ কলা প্ৰদৰ্শিত কৰিব ।এই সম্পৰ্কে মহানগৰীৰ হোটেল নভ’টেলত আয়োজিত এক সংবাদ মেলত পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম কয় যে এই ফেষ্টিভেল তৃতীয়বাৰৰ বাবে অনুষ্ঠিত হ’ব। দ্বিতীয়বাৰৰ অনুষ্ঠিত কৰোতে প্ৰায় ৮লাখ লোকৰ সমাগম হৈছিল ।দেইজিং ফেষ্টিভেল নদীকেন্দ্ৰিক এক ফেষ্টিভেল।ইয়াত পৰম্পৰাগত খাদ্য সংস্কৃতিৰ,ক্ৰীড়া অনুষ্ঠিত হ’ব ।এই ফেষ্টিভেলটো আয়োজন কৰা মূল উদ্দেশ্য হ’ল পৰ্যটন আৰু সংস্কৃতিক প্ৰসাৰ ঘটোৱা।আনহাতে সংবাদ মেলখনত উপস্থিত থাকি অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই কয় যে দেইজিঙত দুঃসাহসিক ক্ৰীড়াৰ লগতে হট এয়াৰ বেলুন, হেলিকপ্টাৰ ৰাইদিং আদিবোৰত অংশ লোৱা সুযোগ পাব।ইয়াৰ উপৰিও বহুতো নামী দামী গায়কে সংগীত অনুষ্ঠান পৰিৱেশন কৰিব।এইবাৰৰ দেইজিং ফেষ্টিভেলৰ মূল আকৰ্ষণ হিমেশ ৰেশমিয়া, কৈলাশ খেৰ, মল্লিকা আৰোৰা খান ।জানিব পৰা মতে অহা ২৭ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰীলৈকে  অনুষ্ঠিত হ’ব|  

Leave A Reply

Your email address will not be published.