পেথাই বাবে ঠাণ্ডা পৰিছে

0 233

অন্ধপ্ৰদেশত সৃষ্টি হোৱা পেথাই চাইক্ল’নে অসমলৈ জাৰ নমাই আনিলে।জাৰৰ বাবে সমগ্ৰ অসমবাসীৰ জনজীৱন স্তব্ধ হৈ ৰ’ল।ফিৰফিৰিয়া বতাহ আৰু কিনকিনিয়া বৰষুণে কিছু সংখ্যক মানুহক এলেহুৱা কৰি তুলিলে।অৱশ্যে কৰ্তব্যৰ তাড়নাত বহুজন কৰ্তব্যৰ পৰা বিচলিত নহ’ল যদিও তেওঁলোকৰ মুখত শুনা গ’ল-ইচ বহুত ঠাণ্ডা! আবতৰীয়া বৰষুণে জাৰ নমালে।বতৰ বিজ্ঞান কেন্দ্ৰই কৰা বতৰৰ পূৰ্ব অনুমান অনুসৰি আগন্তুক ৩০ ডিচেম্বৰলৈকে ঠাণ্ডাৰ প্ৰকোপ বৃদ্ধি পাব।অৱশ্যে এয়া নিৰ্ভৰ কৰিব পেথাই ওপৰত।উল্লেখযোগ্য যে অন্ধপ্ৰদেশৰ ইষ্ট গোদাবৰী জিলাত সৃষ্টি হোৱা চাইক্ল’নৰ বাবে বহুকেইখন ৰাজ্যত এলাৰ্ট জাৰি কৰিছে।সাগৰত মৎস্য চিকাৰ কৰা সকলক সতৰ্ক কৰি দিছে, ৰেলসেৱাৰ সময়সূচী সালসলনি কৰিছে আৰু জনসাধাৰণক নিত্য ব্যৱহাৰ্য্য সামগ্ৰী মজুত ৰাখিবলৈ আহ্বান জনাইছে,ঠাই বিশেষে দুৰ্যোগ প্ৰশমন বিভাগক সষ্টম কৰি তুলিছে ।চাইক্ল’নৰ প্ৰভাৱ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে উৰিষ্যা, তামিলনাডু, অন্ধপ্ৰদেশত পৰিছে বুলি জানিব পৰা গৈছে ।

Leave A Reply

Your email address will not be published.