গ্ৰন্থই মানৱ সমাজত গুৰুত্বপূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰে।এজন ব্যক্তিয়ে একোখন ভাল গ্ৰন্থ আগবঢ়ায় মানৱ জাতিৰ কল্যাণ সাধন কৰিব পাৰে ।এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।আজি কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে যে অহা বছৰত সাহিত্য ক্ষেত্ৰখনত বিশেষ অৱদান আগবঢ়োৱা সকলক ব্ৰহ্মপুত্ৰ সাহিত্য বঁটাৰ লগতে নগদ ১০লাখ টকা আৰু ৰাজ্যিক সাহিত্য বঁটা নগদ ৫০লাখ টকা প্ৰদান কৰা হ’ব।এই অনুষ্ঠানত উপস্থিত থাকি মেডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীয়ে কয় যে সাহিত্যৰ জৰিয়তে সাধাৰণ মানুহৰ সুখ দুখ প্ৰতিফলিত হয়।সাহিত্য, সংস্কৃতিয়ে সমাজ পৰিবৰ্তন কৰে।দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হোৱা সাহিত্য উৎসৱটোত আছিয়ান দেশৰ বহুকেইজন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে।উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য,বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰী, ম্যানমাৰৰ লেখিকা মা থাইডাকে আদি কৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে।
Trending
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন