সৰস্বতী পূজাৰ কিছু গুৰুত্বপূৰ্ণ কথা

0 246

হিন্দু সকলৰ উৎসৱৰ ভিতৰত সৰস্বতী পূজা অন্যতম।এই পূজা প্ৰতিবছৰে জানুৱাৰী ফেব্ৰুৱাৰী মাহত উদযাপিত হয়।বিশেষকৈ ছাত্ৰ ছাত্ৰী সকলে দেৱী সৰস্বতীক পূজা অৰ্চনা কৰে।সৰস্বতী দেৱীক বাগদেৱী নামেৰেও জনা যায়।কোনো কোনো ঠাইত দুদিনীয়া, তিনিদিনীয়াকৈও এই পূজা উদযাপন কৰে।ঠাই বিশেষে সৰস্বতী পূজাৰ বিধি বিভিন্ন হয়।আমাৰ অসমতে জাতি বিশেষে বেলেগ ৰীতিৰেও পূজা অৰ্চনা কৰে।সৰস্বতী পূজা সাধাৰণতে উত্তৰ পূৰ্বাঞ্চলৰ লগতে বেংগল, বিহাৰ, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ আদিত উদযাপিত হয় ।প্ৰাচীন গ্ৰন্থত উল্লেখ থকা অনুসৰি দেৱী সৰস্বতী কলা, সংস্কৃতি, আৰু জ্ঞানৰ অধিষ্ঠাত্ৰী দেৱী।সৰস্বতী পূজাৰ দিনাটো দেৱীৰ জন্ম উৎসৱ লগত সংগতি ৰাখি অতীতৰে পৰা উদযাপিত হৈ আহিছে ।

Leave A Reply

Your email address will not be published.