দেশৰ ৩৫টা স্থানত ইতিমধ্যেই এই হোটেলগ্ৰুপৰ সেৱা উপলব্ধ হোৱা ক্লিক হোটেলছ্ৰ এটি শাখা শুকুৰবাৰে গুৱাহাটীৰ লালগণেশত মুকলি কৰা হয়। হায়াত হাস্পতালৰ সমীপত চুবা গ্ৰুপ অৱ হোটেলছ্ৰ এই অত্যাধুনিক হোটেলত অনুষ্ঠিত হোৱা সংবাদমেল সম্বোধন কৰি হোটেলখনৰ প্ৰবন্ধক পৱন পাঠকে ৰাইজৰ সেৱাৰ বাবে বহু সুবিধাৰে এই হোটেলখন মুকলি কৰা হয় বুলি জানিবলৈ দিয়ে। গুৱাহাটীৰ স্পেন -আই-গেলেক্সী হোটেলছ্ৰ লগত সহযোগিতা থকা ক্লিক হোটেলৰ স্বতাধিকাৰী প্ৰসেনজিত চক্ৰৱৰ্তীয়ে জনোৱা মতে এই হোটেলখনত অসমৰ ৯৯%থলুৱা নিবনুৱা যুৱক-যুৱতীক সংস্থাপন দিয়া হৈছে৷ ভৱিষ্যতেও অসমৰ নিৱনুৱা যুৱক-যুৱতী তথা থলুৱা কৰ্মচাৰীক মকৰল কৰা হ’ব৷ ইপিনে, মুঠ ৮৮টা কোঠা থকা বিলাসী সুলভ হোটেলখনত বিনামূলীয়া ইণ্টাৰনেট সেৱা, সুষম খাদ্য, সুন্দৰ পৰিৱেশ, বিবাহ বা আন অনুষ্ঠান আয়োজনৰ সুবিধা, ৰেষ্টুৰেণ্ট-বাৰ, বেংকুৱেট হল আদিৰ সুবিধা থকাৰ লগতে আছে এচাম কৰ্মদ্যমী কৰ্মচাৰীৰ গ্ৰাহকৰ প্ৰতি সেৱা৷ মুম্বাইত মুখ্য কাৰ্যালয় থকা এই হোটেলখনে গুৱাহাটীৰ লালগণেশস্থিত নিজৰ চৌহদত গ্ৰাহকৰ বাহনসমূহৰো পাৰ্কিঙৰ সু-ব্যৱস্থা ৰাখিছে বুলি প্ৰতিষ্ঠানটিৰ মুখ্য কাৰ্যবাহী বিষয়া অবিনাশ অশোকে জানিবলৈ দিয়ে। ইতিমধ্যেই ক্লিক হোটেলে সকলো প্ৰয়োজনীয় সেৱাৰে গ্ৰাহকক আদৰিবলৈ সাজু হৈছে।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা