ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশ বৌদ্ধিক কোষ, দক্ষিণ কামৰূপ জিলা বিজেপিৰ উদ্যোগত বাটৰহাটস্থিত জিলা কাৰ্যালয়ত আজি গাম্ভিৰ্যপূৰ্ণ পৰিবেশত এখন বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰে সঞ্চালনা কৰা বক্তৃতা প্ৰতিযোগিতাখনিৰ আঁত ধৰে জিলা সম্পাদক পৰমানন্দ দাসে। অনুষ্ঠানত ৰাজ্যিক বৌদ্ধিক কোষৰ আহ্বায়ক ধ্ৰুৱ প্ৰসাদ বৈশ্য, ৰাজ্যিক সদস্য দিলীপ কলিতা, চিৰঞ্জীত কলিতা, বৌদ্ধিক কোষৰ ৰাজ্যিক সদস্য তথা বিস্তাৰক লোকেন্দ্ৰ প্ৰসাদ ঘোষ, গুৱাহাটী মহানগৰ জিলাৰ বৌদ্ধিক কোষৰ আহ্বায়ক প্ৰাণ্টুশ ৰয় উপস্থিত থাকে। উক্ত প্ৰতিযোগিতাত প্ৰায় ৯ টা মণ্ডলৰ ২৫ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে। ইয়াৰে ভিতৰত প্ৰথম স্থান অৰ্ষিতা কলিতা, দ্বিতীয় স্থান গিয়াছউদ্দিন আহমেদ, তৃতীয় স্থান দীপক দাস, চতুৰ্থ স্থান কমল চন্দ্ৰ ঠাকুৰীয়া আৰু পঞ্চম স্থানপ্ৰাপ্ত নিগমানন্দ ঠাকুৰীয়াক বঁটা আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। লগতে তিনিগৰাকী প্ৰতিযোগী ক্ৰমে প্ৰহ্লাদ বিশ্বাস, অশ্বিনী পাঠক আৰু লাৱণ্য বড়োক বঁটা আৰু প্ৰামণ পত্ৰৰে নিচুকনি বঁটা প্ৰদান কৰা হয়। বক্তৃতা প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা সকলক একোখনকৈ প্ৰামণ পত্ৰ প্ৰদান কৰি উজ্বল ভৱিষ্যত কামনা কৰে উপস্থিত বিশিষ্ট ব্যক্তিসকলে।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ ডলী চৌধুৰী আৰু ভুবন চুতীয়াক ৰাষ্ট্ৰপতিৰ মাই ভাৰত এন এছ এছ ৰাষ্ট্ৰীয় বঁটা প্ৰদান
- NSE to build 380cr, 60-bed unit for Tata Memorial Centre at Navi Mumbai
- শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গ্ৰন্থ উন্মোচনী, কবিতা পাঠ আৰু সম্বৰ্ধনা অনুষ্ঠান
- মৰণোত্তৰ ভাৱে ভাৰত ৰত্ন প্ৰদানৰ দাবী – মুম্বাই সাহিত্য সভাৰ উদ্যোগত মানৱ দৰদী শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি
- যোৰহাটত শিল্পী জুবিন গাৰ্গৰ ১৩দিনীয়া মাংগলিক কাৰ্যসূচী সম্পন্ন
- বি আৰ অ’ৰ পূব মণ্ডল মুখ্য কাৰ্যালয়ৰ উদ্যোগত জালুকবাৰীত ‘স্বচ্ছতা’ অভিযান
- NSE registered investor base crosses 12 crore (120 million) unique investors (unique PANs)
- জুবিন গাৰ্গলৈ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ শ্ৰদ্ধাঞ্জলি
- ছত্তীশগঢ়ৰ ৰাজভৱনত উজানবজাৰৰ ভাওনা শিল্পী দলক সম্বৰ্ধনা -দৰবাৰ হলত জুবিন গাৰ্গৰ স্মৃতিত মৌন প্ৰাৰ্থনা
- জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ দিনা এজন অচিনাক্ত ব্যক্তিক সৎকাৰ কৰে পথিকে