ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশ বৌদ্ধিক কোষ, দক্ষিণ কামৰূপ জিলা বিজেপিৰ উদ্যোগত বাটৰহাটস্থিত জিলা কাৰ্যালয়ত আজি গাম্ভিৰ্যপূৰ্ণ পৰিবেশত এখন বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰে সঞ্চালনা কৰা বক্তৃতা প্ৰতিযোগিতাখনিৰ আঁত ধৰে জিলা সম্পাদক পৰমানন্দ দাসে। অনুষ্ঠানত ৰাজ্যিক বৌদ্ধিক কোষৰ আহ্বায়ক ধ্ৰুৱ প্ৰসাদ বৈশ্য, ৰাজ্যিক সদস্য দিলীপ কলিতা, চিৰঞ্জীত কলিতা, বৌদ্ধিক কোষৰ ৰাজ্যিক সদস্য তথা বিস্তাৰক লোকেন্দ্ৰ প্ৰসাদ ঘোষ, গুৱাহাটী মহানগৰ জিলাৰ বৌদ্ধিক কোষৰ আহ্বায়ক প্ৰাণ্টুশ ৰয় উপস্থিত থাকে। উক্ত প্ৰতিযোগিতাত প্ৰায় ৯ টা মণ্ডলৰ ২৫ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰে। ইয়াৰে ভিতৰত প্ৰথম স্থান অৰ্ষিতা কলিতা, দ্বিতীয় স্থান গিয়াছউদ্দিন আহমেদ, তৃতীয় স্থান দীপক দাস, চতুৰ্থ স্থান কমল চন্দ্ৰ ঠাকুৰীয়া আৰু পঞ্চম স্থানপ্ৰাপ্ত নিগমানন্দ ঠাকুৰীয়াক বঁটা আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। লগতে তিনিগৰাকী প্ৰতিযোগী ক্ৰমে প্ৰহ্লাদ বিশ্বাস, অশ্বিনী পাঠক আৰু লাৱণ্য বড়োক বঁটা আৰু প্ৰামণ পত্ৰৰে নিচুকনি বঁটা প্ৰদান কৰা হয়। বক্তৃতা প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা সকলক একোখনকৈ প্ৰামণ পত্ৰ প্ৰদান কৰি উজ্বল ভৱিষ্যত কামনা কৰে উপস্থিত বিশিষ্ট ব্যক্তিসকলে।
Trending
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা