দক্ষিণ কামৰূপ মহাবিদ্যালয় মিৰ্জাৰ সভাকক্ষত আজি প্ৰগতিশীল কবি,সাংবাদিক মিলন মহন্তৰ তৃতীয় কাব্যগ্ৰন্থ ‘আমি দুখত নাই’ উন্মোচন কৰে অসমৰ বিশিষ্ট কবি নীলিম কুমাৰে। এই উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ লেখক,কবি ধনমণি দাসে আঁত ধৰা আৰু এই মহাবিদ্যালয়খনৰ অধ্যক্ষ ড° নৱজ্যোতি দাসৰ সঞ্চালনাত অনুষ্ঠিত এই উন্মোচনী সভাত কবি নীলিম কুমাৰে কয় কবিতাক আমি সাধাৰণ মানুহৰ মাজলৈ লৈ যাব লাগিব। ইয়াৰ দায়িত্ব কবিসকলৰ ওপৰতেই। মিলন মহন্তই মানুহৰ পক্ষত থাকি কবিতা লিখিছে।কবিতাক মানুহৰ লগত আৰু মানুহক কবিতাৰ লগত সম্পৰ্কিত কৰিব পৰাকৈ তেওঁ এটা অৱস্থাৰ সৃষ্টি কৰিছে। আমি দুখত নাই কথাষাৰেৰে কবিয়ে তীব্ৰ ব্যংগ কৰি মানুহৰ অপাৰ দুখৰ কথাকেই ব্যঞ্জিত অৰ্থত কৈছে।মালিয়াটা অফছেট প্ৰেছ মিৰ্জাৰ স্বত্বাধিকাৰী মনোজ কুমাৰ দাসে প্ৰকাশ কৰি উলিওৱা ২৪০ টা কবিতাৰে মিলি মুঠ ৩৬৫ পৃষ্ঠাৰ এই কাব্যগ্ৰন্থ ‘আমি দুখত নাই” এই কাব্যগ্ৰন্থৰ উন্মোচনী সভাখনি মুকলি কৰি প্ৰগতিশীল লেখক মইনা গোস্বামীয়ে কয় প্ৰতিজন মানুহেই পঢ়ুৱৈ। কিন্তু এতিয়াও সকলো মানুুহেই পঢ়িব পৰাৰ অৱস্থা গঢ়ি উঠা নাই। প্ৰতিজন মানুহেই কবি। কিন্তু প্ৰতিজন মানুহৰে কবিসত্তা জাগি উঠা নাই। মিলন মহন্তৰ কবিতা মানে সকলোৰে বুকুৰ কথাবোৰ তেওঁ লিখিব খুজিছে। প্ৰতিবাদ বিক্ষোভ তেওঁৰ কবিতাৰ বক্তব্য। প্ৰগতিশীল লেখক নৃপেন শৰ্মাই আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি কবিতা আৰু মানুহৰ যি সম্পৰ্ক তাক নিকট কৰাৰ প্ৰয়াসত কবি মহন্ত ব্ৰতী বুলি কয়। ভৱিষ্যত তেওঁ মানুহৰ মাজতে থাকিব বুলি তেওঁ মত প্রকাশ কৰে। কবি,সাংবাদিক মিলন মহন্তই কয় তেওঁৰ ইতিমধ্যে মৃত্যু হৈছে। এয়া তেওঁৰ দ্বিতীয় জন্ম বুলি কয়। মানুহৰ দুখ যন্ত্ৰণাৰ বিষয়ে লিখি তেওঁ নিজৰ সামাজিক দায়বদ্ধতাৰ কথা দাঙি ধৰিছে বুলি উল্লেখ কৰে। এই উন্মোচনী সভাত শিক্ষাবিদ মায়াৰাম দাস, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় মিৰ্জাৰ অধ্যক্ষ ড.নৰকান্ত অধিকাৰী, বিশিষ্ট কবি অধীৰ চন্দ্ৰ দাস, শিল্পী আনন্দ দাস,সুজলা বৈশ্য,ৰুণু বৰ্মন,গুৱাহাটীৰ বিশ্ববিদ্যালয়ৰ সাহিত্য সম্পাদক নৱকান্ত বৰুৱাই অংশগ্ৰহণ কৰি ভাষণ, গীত,আবৃত্তি পৰিৱেশন কৰে। আনহাতে কবি মিলন মহন্তৰ চতুৰ্থ কাব্যগ্ৰন্থৰো কাম অব্যাহত থকা বুলি কয়।
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই