ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি, ছাত্ৰ আৰু যুৱ কল্যাণ অসম চৰকাৰৰ উদ্যোগত -ধেমাজিৰ চিলাপথাৰৰ মাদুৰিপথাৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে লাচিত দিৱস

0 138

ধেমাজি জিলাৰ মাদুৰিপথাৰ সমন্বয় ক্ষেত্ৰত অহা ২৩ আৰু ২৪ নৱেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৪০১ সংখ্যক লাচিত দিৱস উদ্‌যাপনৰ আয়োজন কৰা হৈছে৷ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি, ছাত্ৰ আৰু যুৱ কল্যাণ অসম চৰকাৰ [এছ এল এ চি]ৰ উদ্যোগত তথা অসম সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত, কলা নিকেতন আৰু বৃহত্তৰ চিলাপথাৰ অঞ্চলৰ বিভিন্ন দল-সংগঠনৰ সহযোগত আয়োজিত অনুষ্ঠানত অসমীয়াৰ স্বাভিমান মহাবীৰ লাচিত বৰফুকনক শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ লগতে পৰম্পৰাগত খেল-ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ কলা নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষৰ সৈতে সংগতি ৰাখি আয়োজন কৰা লাচিত দিৱস সন্দৰ্ভত আজি গুৱাহাটীৰ হোটেল গেটৱে গ্ৰেণ্ডিউৰত সংবাদমেল সম্বোধন কৰি ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি, ছাত্ৰ আৰু যুৱ কল্যাণ অসম চৰকাৰৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে কয়– ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত এছ এল এ চিয়ে যুৱ প্ৰজন্মৰ মাজত স্ব-নিৰ্ভৰশীলতাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰি ক্ৰীড়াৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনতো মনোনিৱেশ কৰি যুৱ সমাজক শক্তিশালীৰূপে গঢ় দিয়াৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিছে৷ ইয়াৰ সমান্তৰালকৈ জাতীয় বীৰ-বীৰাঙ্গনাসকলৰ দেশপ্ৰেম আৰু আত্মত্যাগৰ চিৰভাস্বৰ আদৰ্শৰে উজ্জীৱিত কৰি যুৱ সমাজক নতুন দিগন্তলৈ আগুৱাই নিয়াৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ ইয়াৰ অংশ হিচাপে এইবাৰ ধেমাজি জিলাৰ মাদুলিপথাৰত দুদিনীয়া কাৰ্যসূচীৰে ৪০১ সংখ্যক বীৰ লাচিত দিৱস উদ্‌যাপনৰ দিহা কৰা হৈছে৷

তদুপলক্ষে সাংসদ প্ৰদান বৰুৱাক সভাপতি, বিধায়ক ভূৱন পেগুক কাৰ্যকৰী সভাপতি আৰু মণিকাঞ্চন বুঢ়াগোহাঁইক সম্পাদক হিচাপে লৈ এখন শক্তিশালী উদ্‌যাপন সমিতি গঠন কৰা হৈছে৷ কাৰ্যসূচী অনুসৰি ২৩ নৱেম্বৰৰ পুৱা অসম ভিত্তিত হাফ মাৰাথন প্ৰতিযোগিতা উদ্বোধন কৰি লাচিত দিৱসৰ শুভাৰম্ভণি কৰিব মন্ত্ৰী নন্দিতা গাৰ্লোছাই৷ পুৱা ৭ বজাত কলা নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি অন্যান্য কাৰ্যসূচী অনুষ্ঠিত কৰাৰ পিছত স্থানীয় ব্যক্তিসকলে গছপুলি ৰোপণ কৰিব৷ পুৱা ৯ বজাত জাতীয় বীৰ লাচিত দিৱসৰ মাংগলিক অনুষ্ঠানৰ প্ৰথম পৰ্ব অনুষ্ঠিত কৰাৰ পিছত ১১.৩০ বজাত অস্থায়ী প্ৰদৰ্শনী গৃহ উদ্বোধন কৰিব ধেমাজি জিলাৰ আয়ুক্ত অংকুৰ ভৰালীয়ে৷ দুপৰীয়া ১২ বজাত পৰম্পৰাগত ৰচী টনা, হাঁহ ধৰা, টেকেলী ভঙা, চামুচত কণী লৈ দৌৰা, পুৰুষৰ তেল খুটাত বগোৱা আদি প্ৰতিযোগিতা উদ্বোধন কৰিব অৰুণাচল প্ৰদেশৰ লিকাবালি সমষ্টিৰ বিধায়ক নিকিয়ৰ কাৰ্ডোৱে৷ দিনৰ ১ বজাত ৰাজ্যিক ভিত্তিত চিত্ৰাংকণ প্ৰতিযোগিতা, কুইজ প্ৰতিযোগিতা আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ পাছত দুপৰীয়াৰ আহাৰ গ্ৰহণ আৰু বিয়লি ৩ বজাত কলা নিকেতনৰ বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ’ব৷ উল্লেখ্য যে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ তিনি প্ৰতিযোগীক পুৰস্কৃত কৰা হ’ব৷ সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচী উদ্বোধন কৰিব বিশিষ্ট সমাজকৰ্মী-শিক্ষাবিদ অমৃত দিহিঙীয়াই৷ সন্ধিয়া ৬ বজাত ‘মই লাচিতে কৈছো’ শীৰ্ষক বিশেষ সাংস্কৃতিক অনুষ্ঠান আৰু বঁটা বিতৰণী অনুষ্ঠান উদ্বোধন কৰিব বিশেষ অনাতাঁৰ শিল্পী গজেন নৰহে৷ সেইদিনা সন্ধিয়া ৫ বজাত ধেমাজি জিলাৰ মেকবেথ ড্ৰামাৰ দ্বাৰা ‘বীৰ লাচিত’ নাটক প্ৰদৰ্শন আৰু জনপ্ৰিয় কণ্ঠশিল্পী ৰোহিত সোনাৰে গীত পৰিৱেশন কৰিব৷

সংবাদমেলত লাচিত দিৱস উদ্‌যাপন সমিতিৰ সম্পাদক মণিকাঞ্চন বুঢ়াগোঁহায়ে কয় যে, ২৪ নৱেম্বৰৰ পুৱা ৯ বজাত লাচিত দিৱসৰ লগত সংগতি ৰাখি মাংগলিক অনুষ্ঠানৰ দ্বিতীয় পৰ্ব আৰু ৯.৩০ বজাত জাতীয় বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা হ’ব৷ পুৱা ১০ বজাত বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰিব এছ এল এ চিৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে৷ দিনৰ ১১.৩০ বজাত বিভিন্ন জাতি-জনগোষ্ঠীসমূহৰ সাংস্কৃতিক অনুষ্ঠিত প্ৰদৰ্শন পিছত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা হ’ব৷ সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচী শুভাৰম্ভ কৰিব বিশিষ্ট সমাজকৰ্মী-অৱসৰপ্ৰাপ্ত শিক্ষক গোলাপ বৰাই৷ সন্ধিয়া ৫.৩০ বজাত মুকলি সভা অনুষ্ঠিত হ’ব৷ লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকিব অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰী চৌনা মে, বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্ৰৰ সহঃ ক্ষেত্ৰ প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱা, মন্ত্ৰী ক্ৰমে ডাঃ ৰণোজ পেগু, পৰিমল শুক্লবৈদ্য, যোগেন মোহন, বিমল বৰা, বিধায়ক মানৱ ডেকা আৰু মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া৷ মুকলি সভাত আমন্ত্ৰিত অতিথি হিচাপে বিশিষ্ট অভিনেতা যতীন বৰা, গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম টামাং, অৰ্জুন লাভলীনা বৰগোঁহাই, অৰ্জুন হিমা দাস আৰু অৰ্জুন নয়নমণি শইকীয়া উপস্থিত থাকিব৷ অনুষ্ঠানত সুবোধ মল্ল বৰুৱা সম্পাদিত স্মৃতিগ্ৰন্থ উন্মোচন কৰিব জোনাইৰ বিধায়ক ভূৱন পেগুৱে৷ সন্ধিয়া ৭.৩০ বজাত বিশেষ সাংস্কৃতিক অনুষ্ঠান ‘সমন্বয়ৰ সুৰেৰে’ উদ্বোধন কৰিব মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ সাংস্কৃতিক অনুষ্ঠানত নুপূৰ ডান্স একাডেমীৰ নৃত্যাঞ্জলি অনুষ্ঠানৰ অন্তত কণ্ঠশিল্পী কৃষ্ণমণি চুতীয়া, পাপৰি গগৈৰ লগতে অৰুণাচল প্ৰদেশৰ শিল্পী ৰেৰিক কাৰ্লে গীতৰ শৰাই আগবঢ়াব৷ বীৰ লাচিত দিৱসৰ দুদিনীয়া কাৰ্যসূচীত এছ এল এ চিৰ সদস্য সচিব গীতাৰ্থ গোস্বামী আৰু উদ্‌যাপন সমিতিয়ে ৰাইজৰ উপস্থিতি-সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিছে৷

Leave A Reply

Your email address will not be published.