সুদীৰ্ঘ দুই দশকৰ পিছত এদিনীয়া বিশ্বকাপৰ ফাইনেলৰ জ্বৰে ডহাৰ দিনাই আজি প্ৰকাশন অনুষ্ঠান পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত মহানগৰীৰ নাৰেংগীৰ সমীপৰ বোন্দাস্থিত “বোন্দা আঞ্চলিক উচ্চ বিদ্যালয়” প্ৰাংগণত বক্তৃতানুষ্ঠানৰ লগতে এখনি বৰ্ণিল কবি সন্মিলন আড়ম্বৰপূৰ্ণ পৰিৱেশৰ মাজত অনুষ্ঠিত হৈ যায়।পৰাগজ্যোতি প্ৰকাশনৰ সচিব, সাংবাদিক, কবি দীপক শৰ্মাই আঁত ধৰা সন্মিলনখনি সঞ্চালনা কৰে ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা প্ৰবীণ কবি, সাহিত্যিক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই।সভা উদ্ধোধন কৰি বিশিষ্ট কবি, সাহিত্যিক নিশুতি মজুমদাৰে কয়- একাগ্ৰতা আৰু অধ্যয়ন থাকিলে এজন সফল কবি,সাহিত্যিক হ’ব পাৰি। সভাত কবিতাৰ শব্দ, শব্দৰ কবিতা শীৰ্ষক বক্তৃতা প্ৰদান কৰি বিশিষ্ট কবি,গীতিকাৰ, সাহিত্যিক শচীন দাসে কয়- কবিতাই ছন্দৰ সঁজা ভাঙি মুকলি আকাশত উৰি-উৰি জিৰণি লোৱা বহু দিন হ’ল।কবিতা কিন্তু আজিও সাধাৰণ পাঠকৰ, খাঁটি খোৱা সেই মেহনতি মানুহৰ কন্ঠ হ’ব পৰা নাই।কবিতা অধিক আকৰ্ষণীয় আৰু জনপ্ৰিয় হোৱাৰ স্বাৰ্থত, মুকলি ছন্দ, গদ্য ছন্দ, যি ছন্দতেই কবিতা লিখা নহওক কিয়, কবিতাত ধ্বনি-ব্যঞ্জনা থাকিবই লাগিব।সাংগীতিক লয় থাকিব লাগিব।উপমা-চিত্ৰকল্প, ব্যংগ-বক্ৰোক্তি থাকিবই লাগিব।মাৰ্জিত অলংকাৰ, নিয়ন্ত্ৰিত আবেগৰ ঢৌ,বান্ধোন আৰু কম্পন থকা বুদ্ধিদীপ্ত আৰু বোধগম্য তেনে অৰ্থঘন কবিতাৰ প্ৰতিটো চৰণত মগজুৰ প্ৰক্ষালন ঘটিলে,সেই কবিতাই প্ৰথম পাঠতেই সংবেদনশীল পাঠকক জোকাৰি দিব পাৰিব আৰু অন্তৰৰ অতি কোমল অংশত আঘাত হানিব পাৰিব।তেতিয়াহে প্ৰকৃতাৰ্থত কবিতা আৰু অধিক সুখপাঠ্য হৈ উঠিব। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে “পদ্মশ্ৰী” প্ৰাপক বিশিষ্ট কবি-সাহিত্যিক ড০ ৰোমান শৰ্মা, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস্ লক্ষ্মীন্দ্ৰ সিংহ, বিশিষ্ট কবি-সাহিত্যিক কবি-সাহিত্যিক ডা: প্ৰফুল্ল বসুমতাৰী,অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতা,গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা অঞ্জুলিনা চৌধুৰীয়ে অংশ লৈ পৰাগজ্যোতি প্ৰকাশনে মহানগৰীৰ গ্ৰাম্য এলেকাত কবিতা,সাহিত্যৰ পৰিবেশ সৃষ্টি কৰি এক ফলপ্ৰসূ চিন্তা কৰাতো মহৎ প্ৰয়াস বুলি দোহাৰে। সন্মিলনত প্ৰশান্ত গগৈ, মালা শৰ্মা, ৰাজু কুমাৰ বৰুৱা,তৰালী ডেকা, কবিতা দেৱী,লক্ষ্মী মালাকাৰ দেৱ নাথ, মনোমোহন মেধি, মহেন্দ্ৰ দাস, হিমলিনা ডেকা আদিয়ে কবিতা পাঠ কৰে।
Trending
- Assam Centre review key infrastructure projects to accelerate state’s growth: CM
- CSR Head Reviews Women-Led Sarthebari Metal Craft Project
- Assam CM meets Jaishankar, discusses Act East Policy and regional trade opportunities
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিলৈ মাই ভাৰত এন এছ এছ কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা প্ৰদান
- Himanta Biswa Sarma meets PM Modi, seeks guidance for Assam NDA 3.0 Government
- মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা
- বিশ্ব পৰিৱেশ দিৱস উপলক্ষে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় সজাগতা অভিযান
- Airtel Defends 5G ‘Priority Postpaid’ Before DoT, Denies Net Neutrality Breach
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত সংবাদ মেল
- Prime Minister of Bhutan visits Assam