জেষ্ঠ সাংবাদিক ভগৱান দাসলৈ ব্ৰহ্মপুত্ৰ ভেলী একাডেমী-২০২৩ সন্মান

0 124

দক্ষিণ কামৰূপৰ নিউজ লাইভৰ জেষ্ঠ্য সাংবাদিক ভগৱান দাসলৈ ২০২৩ চনৰ ব্ৰহ্মপুত্ৰ ভেলী একাডেমী সন্মানৰ বাবে নিৰ্বাচিত কৰিছে গৰৈমাৰীস্থিত ৰাজ ফাউণ্ডেচনে ৷ উল্লেখ্য যে, ৰাজ ফাউণ্ডেচনে পৰিচালনা কৰা ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ অষ্টম বাৰ্ষিক যুৱ মহোৎসৱ উপলক্ষে গৰৈমাৰী টাউন ক্লাব খেল পথাৰত অহা ২৫ নৱেম্বৰত অনুষ্ঠিত হব লগীয়া এক গাম্ভীৰ্যপূৰ্ণ সভাত সাংবাদিক ভগৱান দাসলৈ এই সন্মান আগবঢ়োৱা হব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ৷ উল্লেখ্য যে, কামৰূপ জিলাৰ কুকুৰমাৰা নিৱাসী ভগৱান দাস ২০০৩ চনৰ ১০ মাৰ্চত দৈনিক জনমভূমি কাকতত সাংবাদিকতাৰ যাত্ৰা আৰম্ভ কৰে । পৰৱৰ্তীসময়ত ‘আজি’, ফ্ৰন্টিয়াৰ টিভি, দৈনিক অগ্ৰদূত কাকতত নিষ্ঠা সহকাৰে সংবাদসেৱা আগবঢ়ায়৷পিছলৈ বহুুল প্ৰচাৰিত ছেটেলাইট চেনেল নিউজ লাইভত ২০০৯ চনৰ পৰা আজিলৈ দক্ষিণ কামৰূপৰ পৰা সংবাদ সেৱা কৰি আহিছে আৰু বৰ্তমান নিউজ লাইভ কতৃপক্ষই দক্ষিণ কামৰূপৰ এজন জেষ্ঠ সাংবাদিক হিচাপে স্বীকৃতি প্ৰদান কৰিছে। আনহাতে, সাংবাদিক ভগৱান দাসে নিয়মীয়া বাৰ্তা কাকততো বিগত চাৰি বছৰ ধৰি সংবাদ সেৱা কৰি আহিছে৷

Leave A Reply

Your email address will not be published.