ক`ৰণা ভাইৰাছে আমাৰ দেশ তথা সমগ্র বিশ্বজুৰি মানুহৰ জীৱন তচ নচ কৰি পেলাইছে। পৰিস্থিতিৰ বৰ অধিক অৱনতি ঘটিছে। আমাৰ শ্বহীদ পৰিয়ালসমূহ কেনে আছে, ইয়াৰ বুজ লোৱাৰ লগতে ভাবৰ আদান প্ৰদান কৰাৰ বাবে আজি দক্ষিণ কামৰূপ সচেতন মঞ্চৰ পৰা এক প্ৰয়াস কৰে। পলাশবাৰী সমষ্টিৰ শ্বহীদ ৰাজেন কুমাৰৰ পত্নী কাঞ্চন কুমাৰী (সদাগৰপাৰা, জামৰতল, মিৰ্জা), শ্বহীদ চন্দ্রধৰ কলিতাৰ বোৱাৰী অঞ্জু কলিতা ( লাচিত নগৰ, মিৰ্জা), পশ্চিম গুৱাহাটী সমষ্টিৰ শ্বহীদ ৰমেশ মুৰাৰীৰ ভাতৃ ভদ্ৰেশ্বৰ মুৰাৰী (ৰাজাপানীচান্দা, কমলপাৰা, ৰাণী) ক নিজা বাসভৱনতে ফুলাম গামোচা, কিতাপৰ টোপোলা, গছৰ পুলিৰে আদৰ সম্ভাষন জনায়। সচেতন মঞ্চৰ উপদেষ্টা তথা সাংবাদিক, লেখক দীপক শৰ্মা, অধ্যক্ষ তথা প্ৰাক্তন ছাত্র নেতা মদন দাস, প্ৰচাৰ সম্পাদক ৰঞ্জিৎ মহন্ত, সদস্য তথা সৰবৰহী যুৱক সীমান্ত দাস, সদস্য বিমল নাথ প্ৰভৃতিয়ে এই কাৰ্যসূচীত ভাগ লয়। শ্বহীদ পত্নী কাঞ্চন কুমাৰীয়ে বৰ আবেগ বিহ্বল হৈ কয়- সচেতন মঞ্চৰ এই প্ৰয়াস বৰ উন্নত মানৰ হৈছে। তেওঁলোকৰ এই কাৰ্যই জগত সভাত এদিন স্থান পাব। মঞ্চৰ উপদেষ্টা দীপক শৰ্মাই কয়- ত্যাগত বৰ আনন্দ পোৱা যায়। গুণীক সন্মান দিবৰ বাবে আমি চেষ্টা কৰিব লাগে। শ্বহীদক লগতে তেওঁলোকৰ পৰিয়ালক সন্মান দিব লাগে। তেওঁলোকৰ সুখ-দুখ, হাঁহি-কান্দোন, বেদনাৰ বুজ ল’ব লাগে। আমি সাধাৰণ চেষ্টাহে কৰিছোঁ। আনহাতে মঞ্চৰ অধ্যক্ষ মদন দাসে কয়- আমি গভীৰ চিন্তাধাৰাৰে কাম কৰিব লাগে।কৰ্মপটুতা,বাগ্মিকতা বজাই ৰাখিব লাগে।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন