আজি দক্ষিণ কামৰূপ সচেতন মঞ্চৰ উদ্যোগত বৃহত্তৰ পশ্চিম গুৱাহাটী, পলাশবাৰী আৰু ছয়গাঁৱ বিধান সভা সমষ্টিৰ ১১(এঘাৰ) টি শিৱ মন্দিৰত বেলগছ, বকুল, জলফাই, বৰজাম, অগৰু, দেৱদাৰু, নাহৰ গছৰপুলি ৰোপন কৰে। মঞ্চৰ উপদেষ্টা তথা সাংবাদিক, লেখক দীপক শৰ্মা, মঞ্চৰ অধ্যক্ষ তথা প্ৰাক্তন ছাত্র নেতা মদন দাস, প্ৰচাৰ সম্পাদক তথা শিক্ষক ৰঞ্জিত মহন্ত, সদস্য ধৰ্মেন্দ্ৰ দাস, সদস্য তথা ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ দক্ষিণ কামৰূপ জিলাৰ সেৱা প্ৰমুখ সীমান্ত দাসৰ নেতৃত্বত বৃক্ষৰোপন কৰা হয়। ছয়গাঁৱত সমষ্টিৰ ঐতিহাসিক বেউলা – লক্ষিন্দৰৰ কাহিনী সম্বলিত চান্দ সদাগৰৰ মঠপাৰাস্থিত শিৱ মন্দিৰ, চম্পক নগৰ আঞ্চলিক শ্ৰী শ্রী শিৱ মন্দিৰ, পলাশবাৰী সমষ্টিৰ বৃহত্তৰ কুকুৰমাৰা শিৱ মন্দিৰ, ৰামপুৰৰ ঐতিহাসিক শ্রী শ্রী পৰহদু মহাৰাজ আশ্ৰমস্থিত শিৱ মন্দিৰ, মিৰ্জা- জামৰতলস্থিত আঞ্চলিক পিতা-মাতা শিৱ মন্দিৰ, হাৰোপাৰা ২য় খণ্ডৰ শ্রী শ্রী হিলদাল প্ৰভু শিৱ মন্দিৰ, ধৰমপাৰা শিৱ মন্দিৰ, সৰুতেজপুৰ – মাজপাৰা শিৱ মন্দিৰ, সাতপখলী – শান্তিপুৰ সাৰ্বজনীন শ্রী শ্রী শিৱ মন্দিৰ, পশ্চিম গুৱাহাটী সমষ্টিৰ সানপাৰা কলিতাপাৰা বাবা শিৱ শংকৰ মন্দিৰ আৰু মেধিপাৰা শিলপোতা শিৱ মন্দিৰত কাহিলীপুৱাৰে পৰা সন্ধিয়ালৈ বৃক্ষৰোপন কৰে। এই কাৰ্যসূচীত ৰামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰী শিক্ষক যোগেশ কুমাৰ কলিতা, দ্বিজেন কলিতা, অৱসৰপ্ৰাপ্ত উপ অভিযন্তা সিদ্ধেশ্বৰ কলিতা, কামৰূপ জিলাৰ পেৰালিগেল স্বেচ্ছাসেৱক জয়ন্ত দাস, সৰু তেজপুৰৰ ধৰ্মপ্ৰাণা মহিলা নিৰোদা কলিতা, বিনা কলিতা, সাতপখলীৰ সমাজকৰ্মী কামেশ্বৰ দাস, প্ৰণৱ দাস, কুকুৰমাৰাৰ ৰুদ্ৰ কাকতি, মন্টু দাস, ধৰ্মেশ্বৰ দাস, গোপাল দাস, ছয়গাঁৱত তৰুণ শালৈ প্ৰভৃতি বিশিষ্ট লোকসকলে অংশ গ্রহণ কৰে। সচেতন মঞ্চৰ উপদেষ্টা দীপক শৰ্মাই কয়- বৰ্তমানৰ সময় বৰ ভয়ংকৰ সময়। আমি জীয়াই থাকিবলৈ যথেষ্ট পৰিমাণে গছ ৰোপন কৰিব লাগে। গছ থাকিলেহে মানৱ জাতি জীয়াই থাকিব পাৰিব। মহামাৰী ক`ৰণাই শিকাই দিলে। সকলো প্ৰান্ততে গছ ৰোপন, সংবৰ্দ্ধন কৰি সুন্দৰ সামাজিক বাতাবৰণ সৃষ্টি কৰিব লাগে।
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই