পলাশবাৰীৰ ঐতিহ্যমণ্ডিত দখলা পাহাৰস্থিত শ্ৰীশ্ৰী বুঢ়াগোহাঁই থানত পৰম্পৰাগতভাৱে ২৭ ফেব্ৰুৱাৰীৰ পৰা ১ মাৰ্চলৈ তিনিদিনীয়া কাৰ্যসুচীৰে মহাপ্ৰভু শিৱৰ মহাশিৱৰাত্ৰী পূজাৰ ব্যাপক প্ৰস্তুতি চলাইছে বুলি জানিবলৈ দিছে শ্ৰীশ্ৰী বঢ়াগোঁসাই থান পৰিচালনা সমিতি, চব্বিশ পৰগণা ৰাইজৰ সভাপতি সূৰ্য কান্ত শৰ্মা আৰু সাধাৰণ সম্পাদক শশীভূষণ তালুকদাৰে। কাৰ্যসূচী অনুসৰি ২৭ ফেব্ৰুৱাৰীত ৰাতিপুৱা ১০ বজাত বন্তি প্ৰজ্বলন কৰিব শ্ৰীশ্ৰী বুঢ়াগোহাঁই থান পৰিচালনা সমিতি চৌব্বিশ পৰগণা ৰাইজৰ উপদেষ্টা গজিন ঠাকুৰীয়াই, ৯.১৫ বজাত ধৰ্ম ধ্বজ্জা উত্তোলন কৰিব পৰগণা ৰাইজৰ সভাপতি সূৰ্য কান্ত শৰ্মাই, ১০ বজাত শিৱ পুৰাণ পাঠ কক্ষৰ দ্বাৰ উন্মোচন কৰিব সমাজকৰ্মী হৰেণ চন্দ্ৰ দাসে, ১০.১৫ বজাত শিৱ পুৰাণ পাঠ উন্মোচন কৰিব মূখ্য পাঠক বীৰেন তালুকদাৰে, ১০.৪৫ বজাত বৃক্ষ ৰোপন কৰিব কৰুণা কান্ত তালুকদাৰে। ২৮ ফেব্ৰুৱাৰীত অহোৰাত্ৰী অখণ্ড শিৱ পুৰাণ পাঠ। ২৯ ফেব্ৰুৱাৰী অৰ্থাৎ অন্তিম দিনা ৰাতিপুৱা ৯ বজাত ১০৯ গৰাকী অকুমাৰী বালিকা সহিতে ধৰ্মীয় শোভাযাত্ৰা ও জলৰোহন মুকলি কৰিব চৌব্বিশ পৰগণা ৰাইজৰ কাৰ্যকৰী সভাপতি দ্বিজেন শৰ্মা দলৈয়ে। ১০.৩০ বজাত মহাবাহু ব্ৰহ্মপুত্ৰৰ নদীৰ ঘাটত ঘট বুৰণ। ১১.৩০ বজাত শিৱ অভিষেক, মন্দিৰত বিগ্ৰহ স্নান মুকলি কৰিব পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই। দিনৰ ১২.৩০ বজাত আয়তী সকলৰ নাম প্ৰতিযোগিতা মুকলি কৰিব অসম প্ৰদেশ বিজেপিৰ উপ-সভাপতি জয়ন্ত দাসে, লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব সমাজকৰ্মী ও শুভকাংশী দিগন্ত ঠাকুৰীয়া। সন্ধিয়া ৬ বজাৰ পৰা শিৱ পূজা আৰম্ভ। প্ৰথম প্ৰহৰ ৬ বজাৰ ৭.৩০ বজালৈ, দ্বিতীয় প্ৰহৰ ৮ বজাৰ পৰা ৯.৩০ বজালৈ, তৃতীয় লহৰ ১০.৩০ বজাৰ পৰা ১১.৩০ বজালৈ, চতুৰ্থ প্ৰহৰ ১২ বজাৰ পৰা ১.৩০ বজালৈ চলিব। নিশা ২ বজাত হোমযজ্ঞ, পুষ্পাঞ্জলি প্ৰদান আৰু পূজা সমাপন। ৩.৩০ বজাত প্ৰসাদ বিতৰণ আৰু ভক্তসকলৰ ভোজন গ্ৰহণ। আনহাতে শিৱৰাত্ৰী পূজা উপলক্ষে আয়োজন কৰা আয়তীনাম প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ ২০০১ টকা লগতে ট্ৰফী আৰু দ্বিতীয় পুৰস্কাৰ ১০০১ টকা লগতে ট্ৰফী প্ৰদান কৰা হ’ব। সমূহ কাৰ্যসূচীত ভক্তপ্ৰাণ ৰাইজৰ সহায়-সহযোগ তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে।
Trending
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ