২৮ ফেব্ৰুৱাৰীৰ ভিতৰত যান বাহনৰ বকেয়া কৰ আদায়, নথি পত্ৰ নবীকৰণ কৰিবলৈ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ আহ্বান

0 269

কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ মন্ত্রণালয়ে দেশৰ আন ৰাজ্যৰ লগতে অসমতো ক’ভিডৰ সংক্ৰমণ ৰোধৰ বাবে ২০২০ চনৰ ২৪ মাৰ্চত দেশজুৰি আৰম্ভ হোৱা লকডাউনৰ বাবে যান বাহনৰ গৰাকী সকলক কিছু ৰেহাই দিছিল। তাৰ ভিতৰত ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত যিসকল বাহনৰ গৰাকীয়ে পৰিবহণ বিভাগক যাবতীয় কৰ কাটল আদায় দিবলৈ বাকী আছিল তেওঁলোকক সেই বকেয়া কৰ আদায় দিয়াৰ সময়সীমা বৃদ্ধি কৰিছিল। আনকি বিগত প্ৰায় দুই বছৰৰ ভিতৰত সেই সময়সীমা প্ৰায় ১০ বাৰ বৃদ্ধি কৰাৰ পাছত অসম চৰকাৰৰ পৰিবহণ বিভাগে শেষবাৰৰ বাবে বকেয়া কৰ আদায় দিয়াৰ চূড়ান্ত তাৰিখ এতিয়া ২৮ ফেব্ৰুৱাৰী বুলি ঘোষণা কৰিছে। এই সন্দৰ্ভত অসম চৰকাৰৰ সহকাৰী পৰিবহণ আয়ুক্ত আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) গৌতম দাসে জানিবলৈ দিয়া মতে ইতিমধ্যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সকলো জিলা পৰিবহণ বিষয়াক ৰাজহ আদায়ৰ দিশত অধিক মনোনিবেশ কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ অংশ হিচাপে ফেব্ৰুৱাৰী মাহৰ প্ৰথম দিনটোৰ পৰা কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে “অপাৰেচন ছাৰখাৰ” নামৰ বিশেষ অভিযান আৰম্ভ কৰা হৈছিল। এই অভিযানত বিগত সময়চোৱাত গুৱাহাটী মহানগৰীত ১০ কৌটি টকাৰো অধিক বকেয়া ধন আদায় কৰা হৈছে। ২৮ ফেব্ৰুৱাৰীৰ ভিতৰত কামৰূপ মহানগৰ জিলাৰ যিসকল যান বাহনৰ গৰাকীয়ে বিভাগক বকেয়া কৰ আদায় নিদিব তেওঁলোকৰ বিৰুদ্ধে পহিলা মাৰ্চৰ পাছত এক বিশেষ অভিযান আৰম্ভ কৰা হ’ব। অভিযানত বকেয়া কৰ আদায় নিদিয়া বাহনৰ গৰাকীৰ পৰা তেওঁলোকৰ পৰা জৰিমনা আদায় কৰা হ’ব। আনকি লকডাউনৰ নাম লৈ বছৰ বছৰ ধৰি অৰ্থাৎ ২০২০ চনৰ ফেব্ৰুৱাৰী মাহৰ পূৰ্বে বকেয়া কৰ আদায় দিবলৈ বাকী থকা বাহনৰ গৰাকী সকলৰ পৰা অতিৰিক্ত জৰিমনা আদায় কৰা হ’ব।গৰাকী সকলে কাৰ্যালয়ত আহি নিৰ্দিষ্ট কাউন্টাৰত আহি এ.টি.এম বা ডেভিড কাৰ্ড যোগে কৰ আদায় দিব পাৰিব। আনকি অনলাইন ব্যৱস্থা অৰ্থাৎ এন.ই এফ.টি, আৰ.চি.জি বা ই.চি. এছ পদ্ধতিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। ইফালে বিগত সময়চোৱাত বিভাগৰ যান বাহন পৰিদৰ্শক, প্ৰৱৰ্তক পৰিদৰ্শককে ধৰি সমুহ কৰ্মচাৰীৰ সামূহিক প্ৰচেষ্টা, অনাদায়ী বাহনৰ গৰাকী আৰু ৰাজহ ফাঁকি দি বাহনৰ বা পৰিবহণ খণ্ডৰ ব্যৱসায় কৰা কোম্পানীৰ বিৰুদ্ধে ক’ভিডৰ ভয়াবহতাৰ মাজতো চলোৱা বিশেষ অভিযানত বিভাগে বহু সফলতা লাভ কৰিছে। আনকি মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে কামৰূপ মহানগৰ জিলাৰ তিনিও গৰাকী জিলা পৰিবহণ বিষয়াৰ নেতৃত্বত যান বাহন পৰিদৰ্শক (এম.ভি আই) আৰু প্ৰৱৰ্তক পৰিদৰ্শক (ই.আই) সকলে জিলাখনৰ বিভিন্ন ৰাজপথ, পৰিবহণৰ লগতে জড়িত প্ৰতিষ্ঠান সমূহত বকেয়া কৰ বা পৰিবহণ বিভাগক কৰ আদায় দিবলৈ বাকী থকা যান বাহনৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান – সজাগতা মূলক কাৰ্যসূচী চলাই আহিছে।

বাতৰি যুগুতালে জিতুমণি দাসে

Leave A Reply

Your email address will not be published.