সম্প্ৰীতিৰ নিদৰ্শন দেখুৱাইছে এই সকল চৰ চাপৰিৰ ৰাইজে

0 211

যি সময়ত হিন্দু-মুছলমান সকলৰ মাজত ধৰ্মীয় অসহিষ্ণুতাই তীব্ৰ ৰূপ ধাৰণ কৰিছে, সেই সময়ত জামুগুৰিহাটৰ দুখনকৈ চৰ-চাপৰিৰ মূছলমান সম্প্ৰদায়ৰ ৰাইজ এইবাৰ  শিৱ পূজা উদযাপনৰ  বাবে ওলাই আহিছে ৷  আজি গটাইমাৰী আৰু ভৰলী চাপৰিৰৰ শতাধিক মূছলমান সম্প্ৰদায়ৰ লোক ওলাই আহি শিৱ মন্দিৰ নিৰ্মানৰ কাম সম্পাদন কৰে ৷ ভৰলী চাপৰীৰ জেষ্ঠ সমাজকৰ্মী হাচমত আলি ,যুৱ সমাজকৰ্মী আকবৰ আলি আৰু নৈমুদ্দিন আলিৰ নেতৃত্বত চাপৰি দুখনৰ শতাধিক লোকে দা ,কোৰ লৈ শিৱ মন্দিৰৰ ভেটী় প্ৰতিষ্ঠা কৰাৰ লগতে হিন্দু-মূছলমানৰ মাজৰ সম্প্ৰতিৰ এনাজৰীডাল কটকটীয়া কৰাৰ প্ৰতিশ্ৰুতি আগবঢ়ায় ৷ উল্লেখ্য যে প্ৰয়াত খৰ্গবাহাদুৰ ছেত্ৰীয়ে দান কৰা কথা ভূমিত এই শিব মন্দিৰ স্থাপনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু গটাইমাৰী,ননকে গটাইমাৰী আৰু ভৰলী চাপৰীৰ অঞ্চলত সিচঁৰিত হৈ থকা বিশটা হিন্দু পৰিয়ালে এই শিৱ মন্দিৰ নিৰ্মাণত আগভাগ লোৱা বিষয়ে জানিব পৰা গৈছে৷

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই..

Leave A Reply

Your email address will not be published.