দুখীয়া লোকক বিনামূলীয়াকৈ চকুৰ ছানিৰ চিকিৎসা আৰু অস্ত্ৰোপচাৰ প্ৰদান টপচেম চিমেণ্টৰ

0 2,711

টপচেম চিমেণ্টে বিনামূলীয়া চকুৰ ছানিৰ চিকিৎসা আৰু ছানিৰ অস্ত্ৰোপচাৰ শিবিৰ আয়োজন কৰিছে। এই শিবিৰৰ মূল উদ্দেশ্য হৈছে গ্ৰাম্য অঞ্চলৰ চকুৰ ছানি পৰা বৃদ্ধ আৰু দৰিদ্ৰ লোকসকলক দৃষ্টি শক্তি ঘুৰাই অনা। এই ক্ষেত্ৰত সহায় কৰিছে আই ডক্টৰছ- এন আই ইনষ্টিটিউট এণ্ড চাৰ্জাৰী চেণ্টাৰ গুৱাহাটীয়ে। তেওঁলোক হাস্পতাল সহযোগীৰূপে থাকি গাঁও চিনাক্তকৰণ, ৰোগীসকলক তেওঁলোকৰ গুৱাহাটী কেন্দ্ৰত সৰ্বশ্ৰেষ্ঠ শ্ৰেণীৰ ছানিৰ অস্ত্ৰোপচাৰৰ সুবিধা প্ৰদান কৰিছে। এই শিবিৰ দুটা পৰ্যায়ত আয়োজন কৰা হৈছে। প্ৰথম পৰ্যায়ত লোকসকলক পৰীক্ষা কৰা হৈছে (১ফেব্ৰুৱাৰী – ১০ ফেব্ৰুৱাৰী) আৰু দ্বিতীয় পৰ্যায়ত ছানিৰ অস্ত্ৰোপচাৰ কৰা হৈছে। যি ১৫ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে আৰু ২৮ ফেব্ৰুৱাৰীলৈ চলিব। এই শিবিৰ ১ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল, য’ত ১৫ ফেব্ৰুৱাৰীলৈ ৩০০জন ৰোগীয়ে নাম পঞ্জীয়ন কৰিছিল। ৰাজ্যৰ তিনিখন জিলা ক্ৰমে দৰং, ওদালগুৰি আৰু বাস্কা জিলাত শিবিৰ অনুষ্ঠিত হৈ আছে।
এই সন্দৰ্ভত মেঘালয় চিমেণ্টছৰ বিক্ৰী আৰু বিপণনৰ অধ্যক্ষ ড০ অনিল কাপুৰে বুধবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদ মেলত কয় যে ” টপচেম চিমেণ্ট প্ৰতিটো সামাজিক উদ্দেশ্যৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ, যি সামাজিক বিকাশত সহায় কৰে আৰু দুখীয়া লোকসকলক সমৰ্থন প্ৰদান কৰে। অতীততো আমি বিভিন্ন পদক্ষেপ লৈছো আৰু ভৱিষ্যতেও এনে কাম অব্যাহত ৰাখিম।”
টপচেমে সমাজৰ প্ৰতি দায়বদ্ধতা বুজি গ্ৰাম্য অঞ্চলত বিনামূলীয়া ছানি চিকিৎসা আৰু ছানিৰ অস্ত্ৰোপচাৰ শিবিৰ অনুষ্ঠিত কৰিছে। ২০১৮ বৰ্ষৰ পৰা ১০০ ৰো অধিক ৰোগীয়ে এই সেৱা লাভ কৰিছে। এই বছৰ মুঠ ৪০ জন ৰোগীয়ে এই সেৱা লাভ কৰিব।চকু হৈছে আত্মাৰ জ্ঞান। আমাৰ দৈনন্দিন জীৱনত চকুৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু সম্ভৱতঃ আমাৰ ওচৰত থকা ইয়ে আটাইতকৈ মূল্যৱান উপহাৰ। বয়স বৃদ্ধি হোৱাৰ লগে লগে চকুৰ লেন্স ডাঠ হৈ যায় আৰু দীঘলীয়া দূৰত্বৰ দৃশ্য প্ৰত্যক্ষ কৰাৰ ক্ষমতা হ্ৰাস পায়। বৃদ্ধ লোকসকলৰ দৃষ্টি ক্ষমতা হ্ৰাস পোৱাৰ ক্ষেত্ৰত ছানি হৈছে এনে ঘটনাবোৰৰ এটা মুখ্য কাৰণ। ই গ্ৰাম্য আৰু নগৰ অঞ্চল দুয়োটা লিংগৰ সৈতে বহুলভাৱে প্ৰচলিত। ছানিৰ চিকিৎসা মুখ্যতঃ অস্ত্ৰোপচাৰ। ছানিৰ অস্ত্ৰোপচাৰৰ শেহতীয়া অগ্ৰগতিয়ে বেছিভাগ ৰোগীৰ বাবে ইয়াক বহুত বেছি গ্ৰহণযোগ্য প্ৰক্ৰিয়া কৰি তুলিছে।আনহাতে সংবাদ মেলত
আই ডক্টৰছ- এন আই ইনষ্টিটিউট এণ্ড চাৰ্জাৰী চেণ্টাৰ গুৱাহাটীৰ সঞ্চালক ডাঃ বিন্দু গোৱেলে উপস্থিত থাকি এই শিবিৰৰ বিষয়ে চমুকৈ কয়।

Leave A Reply

Your email address will not be published.