দুগৰাকী অসমৰ সাংবাদিকলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সন্মান

0 38

অসমৰ দুগৰাকী সাংবাদিক,বৰ্ষা দাস আৰু সুমিৰ কৰ্মকাৰক কল টু ক্লাইমেট একশ্যন:পাব্লিক এৱাৰনেছ থ্ৰ মিডিয়া এডভোকেছি” শীর্ষক প্রকল্পটোৰ সৈতে সংগতি ৰাখি মার্কিন যুক্তৰাষ্ট্ৰ চৰকাৰৰ বৈদেশিক বিভাগে সম্মানীয় আন্তঃৰাষ্ট্ৰীয় ভিজিটৰ লিডাৰশ্বিপ প্রগ্রাম (আই ভি এল পি) আগবঢ়াইছে।
উল্লেখ্য যে সুমিৰ কৰ্মকাৰ হৈছে বাতৰি কাকত আৰু ডিজিটেল মাধ্যমত ১৭ বছৰৰ অভিজ্ঞতাসম্পন্ন এগৰাকী জ্যেষ্ঠ সাংবাদিক। আনহাতে বৰ্ষা দাসে স্বতন্ত্র সাংবাদিক হিচাপে লিখা মেলা কৰি আছে। দুয়ো গৰাকী সাংবাদিকে জলবায়ু পৰিৱৰ্তন আৰু পৰিবেশ সম্পৰ্কীয় বিষয়ত পূৰ্বৰে পৰা কৰ্মৰত আছিল।

Leave A Reply

Your email address will not be published.