সমাগত বাৰিষাকে ধৰি আগন্তুক সময়চোৱাত প্ৰাকৃতিক বা আন কোনো দুৰ্যোগে অধিক লোকৰ জীৱন আৰু সম্পত্তি বিনাশ কৰিব নোৱাৰা তাৰ বাবে ৰাষ্ট্ৰীয় দুৰ্যোগ সহাৰী বাহিনী চমুকৈ এন ডি আৰ এফৰ সঞ্চালক প্ৰধান সত্য নাৰায়ণ প্ৰধানে দেশৰ বিভিন্ন প্ৰান্তত নিয়োজিত হৈ থকা এন ডি আৰ এফৰ বেটেলিয়ান সমুহলৈ নিৰ্দেশনা দিছে। সেই নিৰ্দেশনাৰ আধাৰত গুৱাহাটীৰ আজাৰা পাটগাওস্থিত প্ৰথম এন ডি আৰ এফ বেটেলিয়ানে অহা ২৬ মাৰ্চত গুৱাহাটী আৰু ২৭ মাৰ্চত ছিলঙত এক বৃহৎ দুৰ্যোগ প্ৰশমনৰ যৌথ আখৰা অনুষ্ঠিত কৰিবলৈ প্ৰস্তুতি আৰম্ভ কৰিছে। প্ৰথম এন ডি আৰ এফৰ সূত্ৰই সদৰি কৰা অনুসৰি এই যৌথ আখৰাত এন ডি আৰ এফৰ উপৰি ৰাজ্যিক দুৰ্যোগ সহাৰি বাহিনী (এছ ডি আৰ এফ), অগ্নি আৰু আপদকালীন সেৱা, অসামৰিক প্ৰতিৰক্ষা বাহিনীয়ে ভাগ লয়। পৰৱৰ্তী সময়ত যৌথ আখৰাত ভাগ লোৱা বাহিনী সমুহক লৈ এটি ফৰ্চ গঠন কৰা হ’ব যাতে টাস্ক ফৰ্চে সহযোগিতা আৰু সুসমন্বয় সাধনৰে দুৰ্যোগৰ মোকামিলা কৰাৰ লগতে ৰাইজৰ মাজত দুৰ্যোগ সন্দৰ্ভত সজাগতা সৃষ্টিৰ দিশত সৃষ্টিৰ দিশত কাম কৰিব পাৰে।
Trending
- এয়াৰটেলে স্পামক ক্ৰেক কৰিলে, স্পাম চিনাক্তকৰণৰ বাবে ভাৰতৰ প্ৰথম AI-চালিত নেটৱৰ্ক চলুশ্বন মুকলি কৰিলে
- ষষ্ঠদশ বিত্ত আয়োগৰ অধ্যক্ষলৈ আপৰ স্মাৰকপত্ৰ-অসমক বিশেষ ৰাজ্যৰ মৰ্যাদা দিয়াৰ দাবী আপৰ
- অসম চুক্তি ৰূপায়ণৰ দিশত অসম চৰকাৰৰ বৃহৎ পদক্ষেপ- মুখ্যমন্ত্ৰীক আনুষ্ঠানিক কৃতজ্ঞতা অগপৰ
- NECTAR Conducts STEM Workshop for Meghalaya Teachers, Boosting Science and Tech Education
- নতুনকৈ সৃষ্টি কৰা উপ-জিলা(সম জিলা)ৰ ভাৰপ্ৰাপ্ত অতিৰিক্ত আয়ুক্ত আৰু সহকাৰী আয়ুক্তৰ সামৰ্থ বৃদ্ধি কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিলে ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
- মেঘালয়ৰ নংপোৰ মাৰাংগাৰত শঙ্কৰদেৱ নামঘৰত এমহীয়া পৱিত্ৰ ভাদ মাহৰ নামৰ সামৰণি -নামঘৰৰ উন্নয়নত সহযোগিতা আগবঢ়োৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক প্ৰশংসা
- কামৰূপ মহানগৰ জিলাৰ পাঁচ স্থানত অৰুণোদয় ৩.০ ৰ শুভাৰম্ভ
- বিশ্বকৰ্মা মূৰ্তি নিমজ্জন প্ৰক্ৰিয়া আয়োজন
- National Lok Adalat & Consumer Awareness Programme on Lok Adalat Organized
- ডিমৰীয়া মহাবিদ্যালয়ত বিশ্ব অ’জন দিৱস ২০২৪ৰ ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠান