ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী চমুকৈ এন ডি আৰ এফৰ গুৱাহাটীৰ আজাৰা পাটগাঁওস্থিত প্ৰথম বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদত ৩০ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে দুৰ্যোগ ব্যৱস্থাপনা বিষয়ক প্ৰশিক্ষণ শিবিৰ।প্ৰথমখন ডি আৰ এফ বেটেলিয়ানৰ কমাণ্ডেণ্ট ৰণধীৰ সিং গীলৰ তত্বাৱধানত অনুষ্ঠিত শিবিৰত বানপানী,ভূমিস্খলন,ভূমিকম্প,দুৰ্ঘটনা,ধুমুহাকে ধৰি যিকোনো প্ৰাকৃতিক আৰু মানৱসৃষ্ট দুৰ্যোগৰ পাছত আক্রান্ত লোকক উদ্ধাৰ কৰা,আহতক প্ৰাথমিক চিকিৎসা প্ৰদান,আহত লোকক নিৰাপদে সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা,উদ্ধাৰকাৰী বাহিনী সমূহক দুৰ্যোগ প্ৰৱন অঞ্চলত সহযোগিতা আগবঢ়োৱা আদিৰ প্ৰশিক্ষণ প্ৰদান কৰিছে।এই সন্দৰ্ভত প্ৰথম এন ডি আৰ এফৰ কমাণ্ডেণ্ট ৰণধীৰ সিং গীলে জানিবলৈ দিয়া মতে কেন্দ্রীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি যোৱা আগষ্ট মাহৰ পৰা এন কে ওৱাই এছৰ স্বেচ্ছাসেৱকক দুৰ্যোগ প্ৰশমন আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰশিক্ষণ প্ৰদান কৰি অহা হৈছে।এই পৰ্যন্ত ধুবুৰী জিলাৰ ৪৫০ জন স্বেচ্ছাসেৱকে প্ৰথম এন ডি আৰ এফএফ মুখ্য কাৰ্যালয় চৌহদত অনুষ্ঠিত ৯ টা শিবিৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছে।এই প্ৰশিক্ষণৰ মূল লক্ষ্য হৈছে যিকোনো দুৰ্যোগৰ পাছত স্বেচ্ছাসেৱকসকলে নিজ নিজ অঞ্চলত যাতে তৎকালে দুৰ্যোগত আক্রান্ত লোকসকলক সহায়ৰ হাত আগবঢ়াব পাৰে।
Trending
- দেশ – বিদেশৰ বহু গৱেষকৰ উপস্থিতিত শ্বিলঙত জুবিন গাৰ্গৰ সোঁৱৰণত দুদিনীয়াকৈ প্ৰথম ৰাষ্ট্ৰীয় আলোচনা চক্ৰ সম্পন্ন
- নেৰানেপেৰা বৰষুণ, ফিৰফিৰিয়া বতাহৰ বাবে অসমত আবতৰীয়া শীত
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি