আজি জন্মাষ্টমী।হিন্দু ধৰ্মৰ লোক সকলৰ এক বিশেষ উৎসৱ।এই জন্মাষ্টমীৰ লগত বহুতো কাহিনী, উপাখ্যান জড়িত হৈ আছে। দ্বাপৰ যোগত যেতিয়া পৃথিবীত পাপ আৰু অত্যাচাৰ বোজা বাঢ়ি গৈছিল সেই সময়ত ভগৱান বিষ্ণুয়ে কৃষ্ণৰ ৰূপ ধাৰণ কৰি পৃথিৱীত জন্মগ্ৰহণ কৰিছিল।প্ৰতি বছৰে এই উৎসৱ সমগ্ৰ দেশবাসীয়ে উদযাপন কৰে।বিশেষকৈ মথুৰাত উলহ মালহৰে এই পৰ্ব উদযাপন কৰা হয়।ক’ভিড কেন্দ্ৰীক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অসমত জন্মাষ্টমী ধামখুমীয়া পৰিবেশ দেখা নগ’লেও নামঘৰ আৰু পূজা গৃহত ব্যক্তি বিশেষে জন্মাষ্টমী উদযাপন কৰা বাবে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে।জন্মাষ্টমীৰ লগত সংগতি ৰাখি বিভিন্ন ব্যক্তি বিশেষে পূজা কৰাৰ লগতে কৃষ্ণ বন্দনাৰে মুখৰিত কৰা দেখা গৈছে। পবিত্ৰ জন্মাষ্টমীৰ উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী , ৰাষ্ট্ৰীপতি,উপ ৰাষ্ট্ৰপতি শুভেচ্ছা জ্ঞাপন কৰিছে।লগতে অসমৰ মুখ্যমন্ত্ৰী ,ৰাজ্যপালেও জন্মাষ্টমী উপলক্ষে ওলগ জনাইছে।
Trending
- অসম মন্ত্রীসভা সম্প্ৰসাৰণ-১২ গৰাকী নতুন মন্ত্রীৰ নাম তালিকাত প্ৰকাশ
- Assam Centre review key infrastructure projects to accelerate state’s growth: CM
- CSR Head Reviews Women-Led Sarthebari Metal Craft Project
- Assam CM meets Jaishankar, discusses Act East Policy and regional trade opportunities
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিলৈ মাই ভাৰত এন এছ এছ কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা প্ৰদান
- Himanta Biswa Sarma meets PM Modi, seeks guidance for Assam NDA 3.0 Government
- মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা
- বিশ্ব পৰিৱেশ দিৱস উপলক্ষে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় সজাগতা অভিযান
- Airtel Defends 5G ‘Priority Postpaid’ Before DoT, Denies Net Neutrality Breach
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত সংবাদ মেল