হৰিনামৰ ধ্বনিৰে মুখৰিত হ`ল ঢেকীয়াখোৱা বৰনামঘৰ

0 518

আজি জন্মাষ্টমী।সেয়েহে নামঘৰ,সত্ৰ সকলোতে পুৱাৰে পৰাই হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে।ভগৱান কৃষ্ণৰ গুণানুকীৰ্তন চলিছে। ঢেকীয়াখোৱা বৰনামঘৰটো জন্মাষ্টমীৰ দিনা নামঘৰত অগণন দৰ্শনাৰ্থীয়ে ভিৰ দেখিবলৈ পোৱা গৈছে আৰু হৰি নামৰ ধ্বনি উঠিছে, অৱশ্যে নামঘৰ পৰিচালনা সমিতিয়ে চৰকাৰে বান্ধি দিয়া ক`ভিড প্ৰট’কল অৱলম্বন কৰি ভক্তসকলক সেৱা অৰ্চনাৰ সুবিধা কৰি দিছে।উল্লেখযোগ্য যে নামঘৰৰ প্ৰবেশদ্বাৰতে সদৌ অসম ছাত্ৰ সন্থাৰ কাকজান আঞ্চলিকৰ উদ্যোগত ভক্তসকলক চেনিটাইজাৰ,মাস্ক আদি প্ৰদান কৰি ক`ভিড সংক্ৰমণ ৰোধিবলৈ চেষ্টা অব্যাহত ৰাখিছে।
বাতৰি যুগুতালে টীয়কৰ পৰা উৎপল খাউণ্ডে

Leave A Reply

Your email address will not be published.