দেশবাসীৰ সুৰক্ষাৰ স্বাৰ্থত আগবঢ়োৱা সেৱাৰ স্বীকৃতি আৰক্ষী-সেনা জোৱানলৈ থিতাতে শিকাৰু অনুজ্ঞাপত্ৰ প্ৰদানৰ পদক্ষেপ কামৰূপ মহানগৰ পৰিবহন বিভাগৰ

0 235

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছা আৰু পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশ মৰ্মে কামৰূপ মহানগৰ জিলা পৰিবহন বিভাগৰ উদ্যোগত ৰাইজৰ সেৱাত একনিষ্ঠভাৱে জড়িত আৰক্ষী আৰু সেনা জোৱানৰ বিভিন্ন ক্ষেত্ৰৰ কৰ্মীলৈ থিতাতে গাড়ী চালনাৰ শিকাৰু অনুজ্ঞাপত্ৰ প্ৰদানৰ এক প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে।১৫ আগষ্টত মহানগৰীৰ বেতকুছিস্থিত পৰিবহন কাৰ্যালয়ত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি দিয়া ভাষণ প্ৰসংগত জিলা পৰিবহন বিষয়া গৌতম দাসে এই কথা ঘোষণা কৰি কয় যে ভাৰতবৰ্ষৰ স্বাধীনতা লাভৰ গৌৰৱোজ্জ্বল ৭৫ বছৰৰ ইতিহাসত বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিৰ লগতে আৰক্ষী আৰু সেনা জোৱানৰ ভূমিকা মন কৰিবলগীয়া।
দেশৰ অখণ্ডতা , সাৰ্বভৌমত্ব তথা শান্তি সম্প্ৰীতি বৰ্তাই ৰখাত আৰক্ষী সেনা জোৱানৰ অৱদান অতুলনীয় আৰু উল্লেখযোগ্য।সেয়েহে স্বাধীনতা দিৱসত এইসকল যোদ্ধাক অভিনন্দন জনাই পৰিবহন বিষয়া গৰাকীয়ে কয় যে দেশত ক’ভিড মহামাৰীয়ে ভয়ানক ৰূপ ধাৰণ কৰাৰে পৰা নিজৰ জীৱনকো তুচ্ছজ্ঞান কৰি তেওঁলোকে আমাক বিপদমুক্ত হৈ থাকিবলৈ সজাগ আৰু সচেতন কৰি সুৰক্ষা দি আহিছে।শেহতীয়াকৈ আৰক্ষী বিভাগৰ বিভিন্ন পৰ্যায়ৰ কৰ্মীয়ে নানান ভাবুকি,প্ৰলোভন নেওচিও ড্ৰাগছ তথা মাদকদ্ৰৱ্য বিৰোধী অভিযানত জপিয়াই পৰি অসমক এখন নিচামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ অপ্ৰাণ চেষ্টা চলাইছিল।সেয়েহে এই সকল একনিষ্ঠ যোদ্ধাই দেশ আৰু ৰাজ্য বাসীৰ সুৰক্ষালৈ আগবঢ়োৱা অৱদান কৃতজ্ঞতা হিচাপে যিসকলৰ এতিয়াও গাড়ীচালনাৰ অনুজ্ঞাপত্ৰ নাই তেওঁলোকক আমি থিতাতে একোখনকৈ শিকাৰু অনুজ্ঞাপত্ৰ দিব বিচাৰিছোঁ।
উল্লেখযোগ্য যে অনুজ্ঞাপত্ৰ বাবে আবেদনকাৰীসকলক প্ৰথমে হোন্দা চেফটি ড্ৰাইভিং এডুকেছন চেণ্টাৰৰ সহযোগত পথ-সুৰক্ষা আৰু যান বাহন চলোৱাৰ বিধি সন্দৰ্ভত প্ৰাথমিক জ্ঞান প্ৰদানৰ এক কাৰ্যসূচী অনুষ্ঠিত হ’ব।সেই অনুসৰি অহা ১৭ অক্টোবৰ পৰা মহানগৰীৰ বেতকুছিস্থিত জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ত এমাহৰ বাবে প্ৰতিদিনে ১০ গৰাকীকৈ আবেদনকাৰীক যান বাহনৰ যাৱতীয় জ্ঞান প্ৰদান কৰি থিতাতে অনুজ্ঞাপত্ৰ প্ৰদান কৰা হ’ব।জিলা পৰিবহন বিষয়া গৰাকীয়ে জানিবলৈ দিয়া মতে ইচ্ছুক আবেদনকাৰী সকলে অনুজ্ঞাপত্ৰ বাবে নিজৰ নাম ঠিকনা ,বয়সৰ প্ৰমানপত্ৰ “parivahan sewa” portal অথবা http//sarathi.parivahan.gov.in/ sarathi service” ত অনলাইনযোগে আবেদন কৰিব লাগিব।তদুপৰি অনলাইন আবেদনৰ পিছত আবেদনকাৰী সকলে জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ ৪৯ নম্বৰ কাউণ্টাৰত বয়স আৰু ঠিকনাৰ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব।

Leave A Reply

Your email address will not be published.