এখন অসমীয়া মাধ্যমৰ আদৰ্শ বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

0 270

কাহিনী কাহিনী যেন লগা এক আৰম্ভণি। সেয়া আছিল ১৯৮৫ চনৰ কথা।১৯৮৫ চনৰ কালি দিনটোতে চাংসাৰিৰ ধোপাতাৰি গাঁৱত প্ৰতিষ্ঠা হৈছিল গ্ৰীনহীল নাৰ্চাৰী নামৰ এখন বিশেষ বিদ্যালয়। এই বিদ্যালয়খন এই কাৰণেই বিশেষ,কাৰণ সেই সময়ত অসমত অসমীয়া মাধ্যমৰ আদৰ্শ বিদ্যালয় নাছিল।
অসমৰ বিভিন্ন ঠাইৰ কণ কণ শিশু সকলকলৈ স্বৰ্গীয় বীনা মেধিয়ে শিক্ষাদান আৰম্ভ কৰিছিল।কেৱল সেয়াই নহয়,তেতিয়াৰ দিনতে খেল- ধেমালিৰ জৰিয়তে শিশু সকলক মানসিক উৎকৰ্ষ সাধন কৰিবলৈ সক্ষম হৈছিল।কালি প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি কালি এক অনুষ্টুপিয়াকৈ এখন সভা অনুষ্ঠিত হয়। অনুষ্ঠানত আন্ত:ৰাষ্ট্ৰীয় কৰিঅ’গ্ৰাফাৰ কমল নাথ,গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা চুমি মেধি, শিক্ষয়িত্ৰী ধনজিতা মেধি,আম্বেদকাৰ চেকেণ্ডাৰী স্কুলৰ প্ৰধান শিক্ষক ৰমেন্দ্ৰ নাথ শৰ্মা,সমন্বয়ক খগেন ডেকা,সহ প্ৰতিষ্ঠাপক দুলাল চন্দ্ৰ মেধি, শিক্ষক ,কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী,অভিভাৱকৰ লগতে অঞ্চলৰ
সমূহ ৰাইজ উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.