থাইলেণ্ডৰ ৰাজধানী বেংককত ১২ ফেব্ৰুৱাৰীৰ পৰা ১৬ ফেব্ৰুৱাৰীলৈ অনুস্থিত হৈ যোৱা “দ্বিতীয় জু-জিৎছু যুৱ এছিয়ান চেম্পিয়নশ্বিপ – ২০২৫ ত ১৮ বছৰ অনুৰ্ধ্বৰ ৫২ কেজিৰ ছোৱালী শাখাত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰি অসমৰ প্ৰজ্ঞা খনিকৰে তৃতীয় স্থানৰে ব্ৰঞ্জৰ পদক লাভ কৰি দেশৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে কামৰূপ মহানগৰ জিলাৰ জু – জিৎসু সন্থাৰ প্ৰশিক্ষাৰ্থী মিতালী খনিকৰৰ কন্যা প্ৰজ্ঞা খনিকৰৰ ব্ৰঞ্জৰ পদক প্ৰাপ্তিৰে সফলতা অৰ্জন কৰি দেশৰ লগতে ৰাজ্যলৈ সুনাম কঢ়িয়াবলৈ সক্ষম হোৱাত অসম জু-জিৎছু সন্থাৰ সভাপতি ঋতুবৰণ শৰ্মা, উপ সভাপতি অমল ডেকা আৰু সাধাৰণ সম্পাদক সঞ্জয় কুমাৰ চাওকে প্ৰমুখ্যে কৰি সমূহ কাৰ্যবাহী সদস্য ,প্ৰশিক্ষক সকলোৱে উৎফুল্লিত উদীয়মান খেলুৱৈ গৰাকীক বিজয়ী আন্তৰিক অভিনন্দনসহ শুভেচ্ছা জ্ঞাপন কৰি কয় যে তেওঁৰ এই সফলতাই অসমৰ সমৰকলাৰ ক্ৰীড়াক্ষেত্ৰখনৰ গৌৰৱ অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হোৱাৰ উপৰিও নৱ প্ৰজন্মৰ উদীয়মান জু-জিৎছুৰ খেলুৱৈ সকলক এই ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ ক্ষেত্ৰত বিশেষভাৱে সহায়ক হ’ব৷
Trending
- আগন্তুক ২-৩ দিনত গুৱাহাটী মহানগৰীত প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা থকা বুলি আই এম ডি (IMD) ৰ পূৰ্বানুমান
- Union Minister Dr. Jitendra Singh Visits NECTAR, Lauds Science-Driven Innovations Transforming the North East
- NSE Crude Oil Options Hit Record Premium Turnover, Volume & Open Interest*
- ইউনিক’ডত অসমীয়া লিপি আৰু অসমীয়া চলচ্চিত্ৰৰ বাবে অটিটি প্লেটফৰ্ম সন্দৰ্ভত সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ বৈঠক
- লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ডঃ বিভৱ কুমাৰ তালুকদালৈ
- খানামুখ খণ্ড বন কাৰ্যালয়ৰ উদ্যোগত সাতমাইল – অসম অভিযান্ত্ৰিক মহাবিদ্যালয় সংযোগী পথৰ দাঁতিত গছপুলি ৰোপণ
- ৰাণী বনাঞ্চলত হাতীৰ খাদ্যৰ বাবে নেপিয়াৰ ঘাঁহৰ খেতি আৰম্ভ বন বিভাগৰ
- জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুদ্ধকালীন প্ৰস্তুতি, সকলো জিলাক স্বাস্থ্য মন্ত্ৰীৰ নিৰ্দেশ
- অসম বিধানসভাৰ সদস্য বিশেষকৈ নৱ-নিৰ্বাচিত বিধায়ক সকলৰ অভিমুখীকৰণ কাৰ্যসূচীৰ সামৰণি অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ অংশগ্ৰহণ
- এ ইউ আই ডি এফ চি এল-ৰ পৰিচালনা পৰিষদৰ ১৪ সংখ্যক বৈঠক অনুষ্ঠিত