ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰণালয়ৰ অনুমোদন সাপেক্ষে নেহেৰু যুৱ কেন্দ্ৰ সংগঠনে আৰম্ভ কৰা কাৰ্যসূচীৰ অংশ হিচাপে কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত যুৱ আৱাস, পল্টণ বজাৰ গুৱাহাটীত ১৩ ফেব্ৰুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ ৫ দিনীয়া কাৰ্যসূচীৰে সীমান্ত এলেকা যুৱ আদান-প্ৰদান শিৱিৰ অনুষ্ঠিত হয়। আজি যুৱ আৱাসত অনুষ্ঠিত সামৰণি অনুষ্ঠানত নেহেৰু যুৱ কেন্দ্ৰ সংগঠনৰ ৰাজ্যিক সঞ্চালক দীনবন্ধু সাহা, জিলা যুৱ বিষয়া চয়ণ শুক্ল বৈদ্য আৰু গাণনিক আৰু কাৰ্য্যসূচী পৰ্যবেক্ষক জীৱন চন্দ্ৰ দলে,উপস্থিত থাকি বক্তব্য আগবঢ়ায়। অৰুণাচল, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, মেঘালয় আৰু ত্ৰিপুৰা ৰাজ্যৰ মুঠ ২৫ গৰাকী যুৱ প্ৰতিনিধিৰ লগতে অসমৰ বিভিন্ন জনগোষ্ঠীয় যুৱক যুৱতীৰ মাজত একতা, ভাতৃত্ববোধৰ লগতে ভাষা, সাংস্কৃতিক সমন্বয়, সম্প্ৰীতিৰ আদান- প্ৰদানৰ লগতে শৈক্ষিক কাৰ্য্যসূচীত সমল ব্যক্তি হিচাপে নেহেৰু যুৱ কেন্দ্ৰ সংগঠনৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক মায়া শঙ্কৰ বাৰ্মা, জামাদাৰহাট জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক আজিজুৰ ৰহমান, নেহেৰু যুৱ কেন্দ্ৰ মৰিগাঁৱৰ গাণনিক আৰু কাৰ্য্যসূচী সহায়ক ধনঞ্জয় তালুকদাৰ, ৰেড ক্ৰছ ছছাইটিৰ কাৰ্য্যবাহী সহায়ক দিব্যজোতি ডেকা, স্কিল ফিনিটি সংস্থাৰ প্ৰতিস্থাপক অঞ্জন চৌধুৰী, বিশিষ্ট লিখক- কুইজ মাষ্টাৰ নৱকান্ত বৈশ্য, ট্ৰাইফেড, আঞ্চলিক কাৰ্যালয়ৰ উত্তৰ পূৰ্বাঞ্চলৰ জ্যেষ্ঠ আঁচনি কাৰ্যবাহী বিষয়া আচিফ ইকবাল হুছেইন,ডন বস্কʼ খাৰঘূলীৰ ফেকাল্টী ৰবি জন হেমব্ৰম, আদি সমল ব্যক্তিয়ে কাৰ্য্যসূচী অনুসৰি প্ৰশিক্ষণ প্ৰদান কৰে।প্ৰতিদিনে ৰাতিপুৱা অনুষ্ঠিত আকৰ্ষণীয় যোগাভ্যাস, ক্ষেত্ৰ ভ্ৰমণ কাৰ্য্যসূচীত কামাখ্যা মন্দিৰ, বালাজি মন্দিৰ, পামহী পাৰিজাত চছাইটি, দ্বীপৰ বিল জলাশয়, ৰাজ্যিক চিৰিয়াখানা, পাণ বজাৰ ডন বস্কʼ গীৰ্জা পৰিদৰ্শন,ভাৰত জানো কুইজ, সাংস্কৃতিক বিনিময় আদি বিভিন্ন কাৰ্য্যসূচীৰে শিৱিৰৰ সফল সামৰণি পৰে। সামৰণি অনুষ্ঠানত প্ৰতিজন প্ৰশিক্ষাৰ্থীক একোখন অংশগ্ৰহণৰ মানপত্ৰ প্ৰদান কৰা হয়।নেহেৰু যুৱ কেন্দ্ৰ কামৰূপৰ জিলা যুৱ বিষয়া চয়ণ শুক্ল বৈদ্যই পাঁচ দিনীয়া শিৱিৰত অংশ গ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী, সমল ব্যক্তিৰ লগতে নিমন্ত্ৰিত অতিথি সকলক শিবিৰৰ সফল সামৰণিৰ বাবে বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ