দৰং জিলাত আৰম্ভ হ’ল মিছন ৰামধেনু

0 237

দৰং জিলাত বুধবাৰে মিছন ৰামধেনু আৰম্ভ কৰা হৈছে । গৰ্ভৱতী মহিলা আৰু শিশুসকলক বিভিন্ন ৰোগৰ পৰা সুৰক্ষিত কৰাৰ লক্ষ্যৰে এক বিশেষ ভেকচিনেশ্যন আৰম্ভ হৈছে ৷ এই উপলক্ষে মঙলদৈ অসামৰিক চিকিৎসালয়ত এক অনুষ্ঠান অনুস্থিত হয় । দৰং জিলা উপায়ুক্ত প্ৰভাতী থাওচেনে সপ্তাহজোৰা টিকাকৰণ অনুষ্ঠান উদ্বোধন কৰি ইয়াৰ জড়িয়তে সকলো শিশুক সামৰি লোৱা হ’ব বুলি উল্লেখ কৰে । জিলা স্বাস্থ্য বিষয়া নিৰ্মল বেৰীয়াই জনোৱা মতে, এই আঁচনিৰ জড়িয়তে দৰং জিলাৰ ১৫০০ শিশুক সামৰি লোৱা হ’ব । অহা আগষ্ট আৰু চেপ্তেম্বৰ মাহতো ৭ ৰ পৰা ১৩ ভিতৰত এই কাৰ্যসূচী ৰূপায়ন কৰা হ’ব বুলি জনাইছে। এই অনুষ্ঠানত ১০ টা শিশুক টীকা প্ৰদান কৰা হয় ।

Leave A Reply

Your email address will not be published.