দৰং জিলা সাহিত্য সভাই ২২আগষ্ট দেওবাৰে দিনৰ এক বজাৰ পৰা জিলা সাহিত্য সভাৰ প্ৰেক্ষাগৃহত নবীন লেখক সৃষ্টিৰ পৰিকল্পনাৰে হাতত লোৱা বৰ্ষসূচীৰ কাৰ্যসূচী হিচাপে এখনি গল্প কৰ্মশালাৰ আয়োজন কৰিছে। নৱ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী সকলক গল্পৰ লিখনশৈলী, কাহিনী নিৰ্বাচন আদি সম্পৰ্কত বক্তৃতা আৰু গল্প পাঠৰ জৰিয়তে এই কাৰ্যসূচী ৰূপায়ন কৰা হব।জিলা সাহিত্য সভাৰ এই কৰ্মশালাত অসম সাহিত্য সভাৰ নকুল চন্দ্ৰ সভাপণ্ডিত সোঁৱৰণী বঁটা, আৰোহণ সাহিত্য ৰত্ন বঁটাৰে বিভূষিত বিশিষ্ট গল্পকাৰ অৱসৰী অধ্যক্ষ গজেন ডেকাই বক্তব্য প্ৰদান কৰিব। অনুষ্ঠানত দৰঙৰ বিশিষ্ট গল্পকাৰ ৬ গৰাকীৰ ৬ টা গল্প পাঠ কৰা হব । দৰং জিলা সাহিত্য সভাৰ সভাপতি শৈলেন কুমাৰ ৰাজবংশীয়ে সঞ্চালনা কৰিবলগীয়া এই কৰ্মশালাত ২০ গৰাকী ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণৰ সুবিধা প্ৰদান কৰা হ’ব। কৰ্মশালাত অংশগ্ৰহণ কৰিব বিচৰা ইচ্ছুক ব্যক্তিয়ে ৯৪৩৫০৮৭৮৪৬ নম্বৰত শাখা সভাসমূহৰ জৰিয়তে যোগাযোগ কৰিবলৈ জিলা সাহিত্য সভাৰ সম্পাদক গৌতমানন্দ গোস্বামীয়ে আহ্বান জনাইছে।
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই