দৰিদ্ৰ পৰিয়ালৰ পূজাই দেখুৱালে সাফল্য-বোকাখাতত আনন্দৰ বন্যা

0 192

বোকাৰ পদুম৷পদুম ফুলক ফুলৰ ৰাণী বুলি কোৱা হয় ৷ পদুম ফুলৰ উজ্জলতাই কাকো ম্লান কৰিব নোৱাৰে ৷ ঠিক তেনেদৰে কালি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত বোকাখাতত পদুম ফুলৰ দৰেই জিলিকিল এগৰাকী অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী । ছাত্ৰীগৰাকীৰ নাম পূজা দাস।বোকাখাত বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী পূজা দাসে ৮৯.৮৩ শতাংশৰে ডিচষ্টিংচন লাভ কৰিবলৈ সক্ষম হয় । সৰ্বমুঠ ৫৩৯ নম্বৰ সহ ৫ টা বিষয়ত লেটাৰ লাভ কৰে পূজাই ৷ পূজাই অসমীয়াত ৮৮, ইংৰাজীত ৭৭, গনিতত ৯১, সাধাৰণ বিজ্ঞানত ৯০, সমাজ বিজ্ঞানত ৯৭ আৰু কম্পিউটাৰত ৯৬ নম্বৰ লাভ কৰে ৷ মেধাবী ছাত্ৰী গৰাকীৰ মাতৃ শিল্পী দাস পূজাই অধ্যয়ন কৰা বিদ্যালয়খনৰ ৰান্ধনি কাম কৰাৰ লগতে পিতৃ সঞ্জীৱ দাসৰ আছে তামোল-পানৰ এখন সৰু ঘূমটি দোকান। ছাত্ৰী গৰাকীৰ ফলাফলত বিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীকে ধৰি বোকাখতীয়া ৰাইজ উৎফুল্লিত হৈ পৰিছে। বহুতো শুভাকংক্ষীয়ে ঘৰলৈ আহি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে বিদ্যালয়ৰ ছাত্ৰীসকল পূজাৰ ঘৰলৈ আহি শুভেচ্ছা জনালে৷

বাতৰি যুগুতালে বোকাখাতৰ পৰা দিব্যজ্যোতি হাজৰিকাই৷

Leave A Reply

Your email address will not be published.