আজি ঐতিহ্যমণ্ডিত নগাও চহৰৰ সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত পাচঁ সহস্ৰাধিক দলীয় বিষয়ববীয়া আৰু সদস্যৰ উপস্থিতিত নগাওঁ লোকসভা সমষ্টি ভিত্তিত অসম গণ পৰিষদ দলৰ এখন গুৰুত্বপূৰ্ণ বিশেষ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত হয়।এই সন্মিলনত সভাপতিত্ব কৰে দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই। সভাপতি বৰাই দলীয় বিষয়ববীয়া আৰু সদস্যসকলৰ কষ্ট আৰু উৎসাহ-উদ্দীপনাই দলটোৰ ভেটি শক্তিশালী কৰাত বিশেষ অৰিহণা যোগাই আহিছে বুলি উল্লেখ কৰি আঞ্চলিকতাবাদী চিন্তা-চেতনা তথা অসম গণ পৰিষদৰ প্ৰতি নগাঁৱবাসীৰ হৃদয়ত পূৰ্বৰেপৰা থকা সদ্ভাৱনা এতিয়াও অক্ষুণ্ণ আছে বুলি মন্তব্য কৰে। বৰাই লগতে দলটোৰ নিষ্ঠাবান কৰ্মীসকলৰ আনুগত্য, আস্থা আৰু অকুণ্ঠ সঁহাৰিয়ে দলটোক অধিক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে বুলি মন্তব্য কৰি আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত দলটোৱে যাতে শক্তিশালী ৰূপত অৱতীৰ্ণ হ’ব পাৰে, তাৰ বাবে পূৰ্ণোদ্যমে প্ৰস্তুতি অব্যাহত ৰাখিবলৈ কৰ্মকৰ্তাসকলৰ প্ৰতি আহ্বান জনায়। বৰাই প্ৰণালীবদ্ধ ভাৱে তৃণমূল পৰ্য্যায়ৰ পৰা দলীয় সংগঠন সৰ্বস্তৰতে শক্তিশালী কৰি নগাঁও লোকসভা সমষ্টিটো কংগ্ৰেছমুক্ত কৰাৰ বাবে অঙ্গীকাৰবদ্ধ হ’বলৈ কয়। শক্তিশালী আঞ্চলিকতাবাদৰ জৰিয়তে শক্তিশালী অসম গঢ়াত আত্মনিয়োগ কৰিবলৈ দলীয় সদস্যসকলৰ প্ৰতি আহ্বান জনায়। সন্মিলনত উপস্থিত থাকি দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই কয় যে, অভূতপূৰ্ব জন সমৰ্থনেৰে অসম গণ পৰিষদৰ অবিৰত যাত্ৰাই সৰ্বস্তৰতে অপ্ৰতিৰোধ্য গতি লাভ কৰিবলৈ সক্ষম হৈছে। নগাঁও লোকসভা সমষ্টিৰ অৰ্ন্তগত বিধানসভা সমষ্টি সমূহৰ কৰ্মী সকলৰ মনোবল আৰু উদ্যম বৃদ্ধি কৰাৰ লক্ষ্যৰে আজি অনুষ্ঠিত হোৱা নগাঁও লোকসভা সমষ্টিৰ বিশেষ কৰ্মকৰ্তা সন্মিলনত নতুন প্ৰজন্মই অসম গণ পৰিষদৰ প্ৰতি প্ৰচূৰ আস্থা পোষণ কৰাটো প্ৰত্যক্ষ কৰি সমাগত নিৰ্বাচন সমূহত বিজয়ধ্বজা উৰুৱাৰ বাবে সকলোকে একনিষ্ঠভাৱে সাংগঠনিক কামকাজত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। সন্মিলনৰ উদ্দেশ্য বাখ্যা কৰে দলৰ সাধাৰণ সম্পাদক তথা সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। দলীয় সদস্যসকলৰ প্ৰতি বক্তব্য ৰাখে জ্যেষ্ঠ নেতা, বিধায়ক ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু সাধাৰণ সম্পাদক ডা০ কমলাকান্ত কলিতাই। সভাৰ আৰম্ভনিতে আদৰণি ভাষণ প্ৰদান কৰে নগাওঁ জিলা পৰিষদৰ সভাপতি মণিমাধৱ মহন্তই। সন্মিলনত দলৰ সাধাৰণ সম্পাদক প্ৰবীন হাজৰিকা, ভূপেন ৰায়, মনোজ শইকীয়া, বিমলেন্দু সিংহা, উপ-সভাপতি দিলীপ পাটগিৰী, ড০ নৃপেন বৰুৱা, সুনীল ডেকা, জোতিষ দাস, প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱা, সম্পাদক বিত্ত জয়ন্ত খাউণ্ড, যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাই, মহিলা পৰিষদৰ সভানেত্ৰী বৰদা কলিতা, কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্য, ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ণ বৰুৱাৰ লগতে ভাতৃ ভগ্নী সংগঠনৰ কেন্দ্ৰীয় সভাপতি ও বিষয়ববীয়া সকল, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকল, নগাওঁ লোকসভা সমষ্টিৰ অৰ্ন্তগত আটাইকেইখন জিলাৰে সভাপতি সকল, আটাইকেইটা বিধান পৰিষদৰ বিষয়ববীয়া আৰু কৰ্মী সকলে অংশগ্ৰহণ কৰে । সভাৰ পূৰ্বে দলটোৰ শীৰ্ষ নেতৃত্বক অসম যুৱ পৰিষদ আৰু অসম ছাত্ৰ পৰিষদৰ বিষয়ববীয়া আৰু সদস্যসকলে বিশাল বাইক ৰেলীৰে সভাগৃহলৈ আদৰণি আনে।
Trending
- গুৱাহাটী প্ৰেছ ক্লাবত সাপ্তাহিক কবচৰ ২৯ তম্ বৰ্ষপূৰ্তি উদযাপন
- ধাৰাপুৰত ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালা আৰম্ভ
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা