আজি ঐতিহ্যমণ্ডিত নগাও চহৰৰ সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত পাচঁ সহস্ৰাধিক দলীয় বিষয়ববীয়া আৰু সদস্যৰ উপস্থিতিত নগাওঁ লোকসভা সমষ্টি ভিত্তিত অসম গণ পৰিষদ দলৰ এখন গুৰুত্বপূৰ্ণ বিশেষ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত হয়।এই সন্মিলনত সভাপতিত্ব কৰে দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই। সভাপতি বৰাই দলীয় বিষয়ববীয়া আৰু সদস্যসকলৰ কষ্ট আৰু উৎসাহ-উদ্দীপনাই দলটোৰ ভেটি শক্তিশালী কৰাত বিশেষ অৰিহণা যোগাই আহিছে বুলি উল্লেখ কৰি আঞ্চলিকতাবাদী চিন্তা-চেতনা তথা অসম গণ পৰিষদৰ প্ৰতি নগাঁৱবাসীৰ হৃদয়ত পূৰ্বৰেপৰা থকা সদ্ভাৱনা এতিয়াও অক্ষুণ্ণ আছে বুলি মন্তব্য কৰে। বৰাই লগতে দলটোৰ নিষ্ঠাবান কৰ্মীসকলৰ আনুগত্য, আস্থা আৰু অকুণ্ঠ সঁহাৰিয়ে দলটোক অধিক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ অৰিহণা যোগাইছে বুলি মন্তব্য কৰি আগন্তুক পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত দলটোৱে যাতে শক্তিশালী ৰূপত অৱতীৰ্ণ হ’ব পাৰে, তাৰ বাবে পূৰ্ণোদ্যমে প্ৰস্তুতি অব্যাহত ৰাখিবলৈ কৰ্মকৰ্তাসকলৰ প্ৰতি আহ্বান জনায়। বৰাই প্ৰণালীবদ্ধ ভাৱে তৃণমূল পৰ্য্যায়ৰ পৰা দলীয় সংগঠন সৰ্বস্তৰতে শক্তিশালী কৰি নগাঁও লোকসভা সমষ্টিটো কংগ্ৰেছমুক্ত কৰাৰ বাবে অঙ্গীকাৰবদ্ধ হ’বলৈ কয়। শক্তিশালী আঞ্চলিকতাবাদৰ জৰিয়তে শক্তিশালী অসম গঢ়াত আত্মনিয়োগ কৰিবলৈ দলীয় সদস্যসকলৰ প্ৰতি আহ্বান জনায়। সন্মিলনত উপস্থিত থাকি দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই কয় যে, অভূতপূৰ্ব জন সমৰ্থনেৰে অসম গণ পৰিষদৰ অবিৰত যাত্ৰাই সৰ্বস্তৰতে অপ্ৰতিৰোধ্য গতি লাভ কৰিবলৈ সক্ষম হৈছে। নগাঁও লোকসভা সমষ্টিৰ অৰ্ন্তগত বিধানসভা সমষ্টি সমূহৰ কৰ্মী সকলৰ মনোবল আৰু উদ্যম বৃদ্ধি কৰাৰ লক্ষ্যৰে আজি অনুষ্ঠিত হোৱা নগাঁও লোকসভা সমষ্টিৰ বিশেষ কৰ্মকৰ্তা সন্মিলনত নতুন প্ৰজন্মই অসম গণ পৰিষদৰ প্ৰতি প্ৰচূৰ আস্থা পোষণ কৰাটো প্ৰত্যক্ষ কৰি সমাগত নিৰ্বাচন সমূহত বিজয়ধ্বজা উৰুৱাৰ বাবে সকলোকে একনিষ্ঠভাৱে সাংগঠনিক কামকাজত মনোনিৱেশ কৰিবলৈ আহ্বান জনায়। সন্মিলনৰ উদ্দেশ্য বাখ্যা কৰে দলৰ সাধাৰণ সম্পাদক তথা সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। দলীয় সদস্যসকলৰ প্ৰতি বক্তব্য ৰাখে জ্যেষ্ঠ নেতা, বিধায়ক ফণীভূষণ চৌধুৰী, সাধাৰণ সম্পাদক তথা বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু সাধাৰণ সম্পাদক ডা০ কমলাকান্ত কলিতাই। সভাৰ আৰম্ভনিতে আদৰণি ভাষণ প্ৰদান কৰে নগাওঁ জিলা পৰিষদৰ সভাপতি মণিমাধৱ মহন্তই। সন্মিলনত দলৰ সাধাৰণ সম্পাদক প্ৰবীন হাজৰিকা, ভূপেন ৰায়, মনোজ শইকীয়া, বিমলেন্দু সিংহা, উপ-সভাপতি দিলীপ পাটগিৰী, ড০ নৃপেন বৰুৱা, সুনীল ডেকা, জোতিষ দাস, প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱা, সম্পাদক বিত্ত জয়ন্ত খাউণ্ড, যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাই, মহিলা পৰিষদৰ সভানেত্ৰী বৰদা কলিতা, কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্য, ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ণ বৰুৱাৰ লগতে ভাতৃ ভগ্নী সংগঠনৰ কেন্দ্ৰীয় সভাপতি ও বিষয়ববীয়া সকল, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকল, নগাওঁ লোকসভা সমষ্টিৰ অৰ্ন্তগত আটাইকেইখন জিলাৰে সভাপতি সকল, আটাইকেইটা বিধান পৰিষদৰ বিষয়ববীয়া আৰু কৰ্মী সকলে অংশগ্ৰহণ কৰে । সভাৰ পূৰ্বে দলটোৰ শীৰ্ষ নেতৃত্বক অসম যুৱ পৰিষদ আৰু অসম ছাত্ৰ পৰিষদৰ বিষয়ববীয়া আৰু সদস্যসকলে বিশাল বাইক ৰেলীৰে সভাগৃহলৈ আদৰণি আনে।
Trending
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ
- ৰাণী অঞ্চলত বনৰীয়া হাতীৰ তাণ্ডৱ সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ অঞ্চলবাসী ৰাইজৰ
- ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা
- কৃষি কৰ্মৰে নিদৰ্শন দেখুৱাইছে ধাৰাপুৰ ধোপৰতলৰ সাতজনীয়া শিক্ষিত যুৱকৰ দলে
- উত্তৰ-পূৰ্বাঞ্চলৰ স্বাস্থ্যসেৱাত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি স্বাস্থ্য মন্ত্ৰী অশোক সিংহল
- Union Minister Reviews Schemes, Inaugurates Ziro Handloom Hub
- দক্ষিণ কামৰূপৰ ৰামপুৰৰ সন্তান মেজৰ ভাৰ্গৱ কলিতাক শৌর্যচক্র সম্মান ৰাষ্ট্ৰপতিৰ
- গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ৭ আসাম বেটেলিয়ান এন চি চিৰ সামূহিক বাৰ্ষিক শিবিৰ
- APRINS Marks World Environment Day 2026 with Expert Round Table on Agroforestry Roadmap for Northeast India
- Governor administers oath of office and secrecy to Council of Ministers