নটৰাজ ডাঞ্চ একাডেমীৰ উদ্যোগত অনুষ্ঠিত ১৫ দিনীয়া সাংস্কৃতিক কৰ্মশালাৰ সামৰণি

0 214

নগাঁও জিলাৰ জাজৰি ঢলপুৰীয়া গাঁৱৰ সামাজিক সাংস্কৃতিক অনুষ্ঠান নটৰাজ ডাঞ্চ একাডেমীৰ উদ্যোগত চলি থকা ১৫ দিনীয়া গ্ৰীষ্ম কালীন সাংস্কৃতিক কৰ্মশালাৰ আজি বুধবাৰে সামৰণি পৰে। ৫ জুলাইৰ পৰা ২০ জুলাইলৈ ১৫ দিনীয়া কৰ্মসূচীৰে সত্ৰীয়া নৃত্য, লোক নৃত্য, দিহানাম, বিহু হুঁচৰি আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ কৰ্মশালা খনিৰ অন্তত আজি সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলে তেওঁলোকৰ প্ৰতিভা প্ৰদৰ্শন কৰে। নটৰাজ ডাঞ্চ একাডেমীৰ অধ্যক্ষ ধৰ্ম প্ৰসাদ কলিতাৰ তত্বাবধানত জাজৰি ঢলপুৰীয়া অনন্ত প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰ্মশালাৰ বুধবাৰৰ সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰে মনোজ কুমাৰ বৰাই। শ্ৰীশ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি ৰাজীৱ দত্তই উদ্বোধন কৰা প্ৰদৰ্শনীমূলক সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট সমাজকৰ্মী নৰেন ডেকা, জাজৰি প্ৰেছ ক্লাৱৰ সম্পাদক ৰাহুল দেৱ বৰদলৈ, সাংস্কৃতিক কৰ্মী দুলাল বৰা, প্ৰধান শিক্ষক প্ৰদীপ হাজৰিকা, সমাজকৰ্মী প্ৰভাত বৰাকে ধৰি বহু সংখ্যক অভিভাৱক। অনুষ্ঠানত দিহানাম, সত্রীয়া নৃত্য, লোকনৃত্য, বিহুনৃত্য, মাটিআখৰা, চালিনৃত্য আদি প্ৰদৰ্শন কৰাৰ লগতে নটৰাজ ডাঞ্চ একাডেমিৰ জন্ম লগ্নৰে জৰিত বিশিষ্ট সমাজকৰ্মী নৰেন ডেকাক বিশেষ ভাৱে সম্বৰ্দ্ধনা জনোৱা হয়। অনুষ্ঠানৰ শেষত সকলো প্ৰশিক্ষাৰ্থীকে প্ৰমাণ পত্র প্ৰদান কৰে।

বাতৰি যুগুতালে ৰাহুল দেৱ বৰদলৈয়ে।

Leave A Reply

Your email address will not be published.