নিৰ্ধাৰিত সময়ৰ ছয়মাহ পূৰ্বে মুকলিৰ সম্ভাৱনা

0 233

পথ যোগাযোগ ব্যৱস্থাক নতুন মাত্ৰা দিয়াৰ লক্ষ্যৰে বিগত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ লোকনির্মাণ বিভাগৰ দায়িত্বত থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰণালয়ৰ অধীনৰ ” ভাৰতমালা ” আঁচনিৰ আৰ্হিত গ্ৰহণ কৰিছিল ” অসমমালা ” নামৰ এখন অভিলাষী আঁচনি । আঁচনি খনৰ মূল লক্ষ্য আছিল পূৰ্বৰ একলেন যুক্ত পথ সমূহক পৰ্যায় ক্ৰমে দুই লেনযুক্ত পথলৈ উন্নীতকৰণ কৰি পথ যোগাযোগ ব্যৱস্থা সুচল কৰি তোলাৰ লগতে যান বাহনৰ চলাচলৰ সময় ৰাহি কৰা । আনহাতে অসম চৰকাৰৰ লোকনির্মাণ পথ বিভাগৰ মিৰ্জাস্থিত দক্ষিণ কামৰূপ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ অন্তৰ্গত পলাশবাৰী উপ সংমণ্ডলৰ তদাৰকতাত অসমমালা আঁচনিৰ অধীনত বিগত ২০২১ বৰ্ষৰ ২৪ ফেব্ৰুৱাৰীত আধাৰশিলা স্থাপনৰে পলাশবাৰীত ব্ৰহ্মপুত্ৰৰ ঘাটৰ পৰা পলাশবাৰী , মিৰ্জা , বৰিহাট , লোহাৰঘাট , বৰদুৱাৰ বাগানহৈ চানডুবিৰ সমীপৰ মুদকীলৈ নিৰ্মাণৰ শুভাৰম্ভ কৰা হৈছিল প্ৰায় ২৯ কিঃমিঃ দৈৰ্ঘ্যৰ এটা দুই লেনযুক্ত এটা পথ । ১৬৪.৫৫ কৌটি টকা ব্যয়ৰে নিৰ্মাণ কৰা পথটোৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰাৰ বাবে ২৪ মাহ বা দুই বছৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল । এই সন্দৰ্ভত দক্ষিণ কামৰূপ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা কাৰ্তিক বিশ্বাসে জানিবলৈ দিয়া মতে ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ে নিৰ্মাণ কৰা ৰাষ্ট্ৰীয় ঘাইপথৰ দৰে একে বা সমপৰ্যায়ৰ মানদণ্ডৰে নিৰ্মাণ কৰি থকা পথছোৱাৰ ডেৰ বছৰ নৌহতেওঁ ৯২ শতাংশৰো অধিক নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠিছে । বিভাগৰ ফালৰ পৰা ২০২৩ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হলেও যদি আগন্তক দিন কেইটাত বতৰ অনুকূল হয় তেন্তে নিৰ্ধাৰিত লক্ষ্যতকৈ প্ৰায় ছয়মাহ পূৰ্বে অৰ্থাৎ অহা অক্টোবৰ মাহত অনুষ্ঠিত হবলগীয়া শাৰদীয় শ্ৰী শ্ৰীদুৰ্গা পূজাৰ আগতেই নিৰ্মাণ সম্পূৰ্ণ কৰি মুকলি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে । আনহাতে পথ নিৰ্মাণৰ দায়িত্ব লাভ কৰিছে মেচাৰ্চ অনিল শৈলজা (জে ভি) নামৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ মূল কাণ্ডাৰী তথা দিছপুৰ চুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতুখন নিৰ্ধাৰিত সময়ৰ ১৪ মাহ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ কৰি লোকনির্মাণ বিভাগত এক বিৰল ইতিহাসৰ সৃষ্টি কৰা ঠিকাদাৰ অনিল দাসে । ইতিমধ্যে ঠিকাদাৰ গৰাকীয়ে দৈনিক প্ৰায় ৫০০ জন শ্ৰমিকৰ জৰিয়তে যুদ্ধকালীন তৎপৰতাৰে শেহতীয়া অত্যাধুনিক প্ৰযুক্তিৰ নানান যন্ত্ৰপাতি , মেচিন , বাহন আদিৰে সমগ্ৰ পথছোৱাৰ ঠায়ে ঠায়ে প্ৰাককলন অনুসৰি নিৰ্ধাৰিত সময়ৰ পূৰ্বে যাতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হয় তাৰ বাবে তৎপৰতা অব্যাহত ৰাখিছে । উল্লেখযোগ্য যে পলাশবাৰীৰ পৰা মিৰ্জা হৈ চানডুবি সংযোগী পথৰ মুদকীলৈ নিৰ্মাণ কৰি থকা পথছোৱাৰ যিবিলাক স্থানত পদপথ সহিতে পানী পৰিবাহী নলা থাকিব তাত বহল হব ১৫ মিটাৰ । তেনেদৰে নলা – পদপথ নথকা স্থানত বহল হব ১৪ মিটাৰ । পূৰ্বতে মাত্ৰ ৩.৭৫ মিটাৰ বহলৰ একক লেনৰ পকীঅংশ সহ মুঠ বহল আছিল মাত্ৰ ৭.৫০ মিটাৰ । বিপৰীতে এতিয়া দুই লেনযুক্ত পথটোৰ বহল হব দুগুণৰো অধিক হব । পথটোত বৰদুৱাৰ চাহ বাগিচাৰ কলঘৰৰ সন্মুখত ৭৫ মিটাৰ দৈৰ্ঘ্যৰ এখন দলং নিৰ্মাণ কৰা হৈছে । যত তলেৰেও পূৰ্বৰ পথৰেও বাহন চলাচল কৰাৰ ব্যৱস্থা ৰখা হৈছে । সমগ্ৰ পথটোত ৭১ টা সৰু –বৰ পানী পৰিবাহী কালভাৰ্ট থাকিব । অৱশ্যে পথছোৱাৰ মিৰ্জা ৰেল ষ্টেচনৰ সমীপত থকা ৰেলৱে ক্ৰছিংটোত অনাগত দিনত এখন উৰণীয়া সেঁতুৰ নিৰ্মাণৰ বাবেও ব্যৱস্থা ৰখা হৈছে । যত উৰণীয়া সেঁতুসহ পথৰ দৈৰ্ঘ্য হব প্ৰায় ১.৩ কিঃমিঃ । আনহাতে কাৰ্যবাহী অভিযন্তা কাৰ্তিক বিশ্বাসে জানিবলৈ দিয়া মতে পলাশবাৰী উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তাকে ধৰি কেবাজনো সহকাৰী অভিযন্তা , কনিষ্ঠ অভিযন্তা , শাখা সহায়ক আদিয়ে নিৰ্মাণকার্যৰ সময়ত নিৰন্তৰ পৰ্যবেক্ষণ কৰি আহিছে । পথচোৱাৰ নিৰ্মাণকার্য সম্পূৰ্ণ হলে দক্ষিণ কামৰূপৰ পথ যাতায়তৰ ক্ষেত্ৰখনত এক নতুন যুগৰ সংযোজন হোৱাটো নিশ্চিত । কিয়নো দুই লেনযুক্ত পথচোৱাৰে যান বাহনৰ চলাচল আৰম্ভ হলে স্বাভাৱিকতে যথেষ্ট সময় ৰাহি হব । একেদৰে প্ৰকৃতিৰ ৰম্যভূমি হিচাপে পৰিচিত চানডুবিৰ পৰা মাত্ৰ ছয় কিঃমিঃ নিলগৰ মুদকীলৈ পথচোৱা নিৰ্মাণ হৈ উঠিলে চানডুবিকে ধৰি বৃহত্তৰ অঞ্চলটোৰ পৰ্যটনৰ ক্ষেত্ৰখনেও নতুন ৰূপ পোৱাটো নিশ্চিত । আনকি সামান্য নিলগত থকা মেঘালয় সীমান্তকে ধৰি পলাশবাৰীৰ পৰা মুদকীলৈ বৃহত্তৰ অঞ্চলটোৰ অৰ্থাৎ পলাশবাৰী আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ শিকাৰহাটী , বৰিহাট , পলাশবাৰী , কোচপাৰা , পাটগাঁও , লোহাৰঘাট , বৰদুৱাৰ বাগানকে ধৰি ২২ খনৰো অধিক গাঁও প্রত্যক্ষভাবে লাভবান হব । ইফালে মুদকীৰ পৰা চানডুবিৰ পৰ্যটন ক্ষেত্ৰলৈ প্ৰায় ৬ কিঃমিঃ দৈৰ্ঘ্যৰ পথছোৱাৰ দুয়োফালে শাল , চেগুনকে ধৰি বহু মূল্যবান গছ গছনি থকা বাবে পৰৱৰ্তী সময়ত বন বিভাগৰ পৰা সেউজ সংকেত লাভ কৰিলে বা অনুমতি পালে সেই অংশখিনিৰো নিৰ্মাণ কার্য আৰম্ভ কৰা হব । আনহাতে যিখিনী অংশত পথ নিৰ্মাণ কৰি থকা হৈছে তাতো পথ যথেষ্ট বহল কৰিবলগীয়া হোৱা বাবে পথৰ দাঁতিত বহু মূল্যবান গছ-গছনি কাটিব লগীয়া হৈছে । যাৰ বাবে পৰিবেশ সংৰক্ষণৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি বিগত বৰ্ষৰ বাৰিষাৰ দৰে এইবেলিও বহাগ বিহুৰ পাছৰে পৰা কৃষ্ণচুড়া , ৰাধাচুড়া , সোণাৰু , এজাৰ , মহানিমকে ধৰি বিভিন্ন থলুৱা প্ৰজাতিৰ আৰু অঞ্চলটোৰ পাৰিপাৰ্শ্বিক জলবায়ুৰ লগত খাপখোৱা প্ৰায় গছপুলি বিভাগৰ সকলো পৰ্যায়ৰ অভিযন্তা , কৰ্মচাৰী আৰু দায়িত্ববাহী ঠিকাদাৰ অনিল দাস আৰু তেওঁৰ শ্ৰমিক – কৰ্মচাৰী সকলে ৰোপণ কৰি আহিছে । সমান্তৰালভাৱে পথছোৱাৰ নিৰ্মাণৰ সময়ত দুৰ্ঘটনা সহজতে সংঘটিত নহবৰ বাবে ৰোড চেফটি আৰু সঠিক ৰোড ইঞ্জিনিয়াৰিং দিশটোত গুৰুত্ব আৰোপ কৰা হৈছে । আনহাতে পূৰ্বৰ একক পথৰে গলে মিৰ্জাৰ পৰা মাত্ৰ ৩২ কিঃমিঃ দূৰত্বৰ চানডুবিলৈ যান বাহন লৈ গলে প্ৰায় ডেৰ ঘন্টা সময়ৰ প্ৰয়োজন হয় । কোন পথচোৱা নিৰ্মাণ হৈ উঠিলে সৰ্বাধিক ৪০ মিনিটৰ ভিতৰতে মিৰ্জাৰ পৰা চানডুবি গৈ পাব বুলি আশা কৰা হৈছে । সমান্তৰাল ভাৱে পথচোৱা যাতে নিশাৰ ভাগত পোহৰেৰে আলোকিত হৈ থাকে তাৰ বাবে ৫০ মিটাৰ দূৰত্বৰ মূৰে মূৰে স্বয়ংক্ৰিয় সৌৰশক্তি চালিত স্ট্ৰীট লাইট স্থাপনৰ কাম কৰি থকা হৈছে । এই লাইট সন্ধিয়া হলে নিজে নিজে জ্বলি উঠিব আৰু পোহৰ হোৱাৰ লগে লগে নুমাই যাব । ইয়াৰ ফলত নিশাৰ ভাগত পথচাৰী , যান বাহনৰ চালক সকলোৱে উপকৃত হোৱাৰ লগতে দুৰ্ঘটনাৰ সম্ভাৱনা বহুখিনি কম হব বুলি কাৰ্যবাহী অভিযন্তা কাৰ্তিক বিশ্বাসে আশা প্ৰকাশ কৰিছে ।

Leave A Reply

Your email address will not be published.