অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ কেবিনেট সতীৰ্থ মন্ত্ৰী পিযুষ হাজৰিকা আৰু জয়ন্ত মল্ল বৰুৱাৰ সৈতে অসম গ’ল্ফ সংস্থাৰ উদ্যোগত গুৱাহাটীৰ নাৰেংগী সেনা চাউনীৰ গল্ফ খেলপথাৰত আয়োজিত নৰ্থ-ইষ্ট অপেন গ’ল্ফ চেম্পিয়নশ্বিপ-২০২৩ৰ বঁটা বিতৰণী সভাত অংশগ্ৰহণ কৰে। উপযুক্ত সেউজ ভূমিসমূহ গ’ল্ফ কৰ্ছলৈ ৰূপান্তৰিত কৰিলে অসমত ক্ৰীড়া পৰ্য্যটনে এক অনন্য মাত্ৰা লাভ কৰিব বুলি মন্তব্য কৰি গ’ল্ফৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত অনাগত দিনতো এই খেলখনৰ ধাৰবাহিকতা অক্ষুন্ন থাকিব বুলি তেওঁ আশা প্ৰকাশ কৰে।
অনুষ্ঠানত ব্ৰিগেডিয়াৰ সঞ্জীৱ চোপ্ৰা, অসম গ’ল্ফ সংস্থাৰ সভাপতি সঞ্জীৱ জয়ছোৱাল আৰু সম্পাদক প্ৰদীপ নুনিচাৰ লগতে সেনাবাহিনীৰ উচ্চপদস্থ বিষয়াবৰ্গও উপস্থিত থাকে।