পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰূপায়ণ কৰি থকা শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি আৰু ইন্দিৰা মিৰি সাৰ্বজনীন বিধবা পেঞ্চন আঁচনিৰ পুঁজি মুকলি প্ৰক্ৰিয়া সৱলীকৰণ কৰিলে অসম চৰকাৰে। কালি মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা নিয়মীয়া সাপ্তাহিক কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়। এই অনুসৰি এতিয়াৰ পৰা উল্লেখিত আঁচনি দুখনৰ চিলিঙৰ বাবে বিত্ত বিভাগৰ অনুমোদন প্ৰয়োজন নহ’ব। বিভাগৰ শীৰ্ষতম সচিবগৰাকীয়ে দিব এই অনুমোদন আৰু এই আঁচনি দুখনৰ অধীনৰ হিতাধিকাৰীসকলে প্ৰতিমাহৰ ১০ তাৰিখে নিয়মীয়াকৈ তেওঁলোকৰ পেঞ্চন লাভ কৰিব। অসম চৰকাৰৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মূখ্যমন্ত্ৰী ড০ শৰ্মাৰ লগতে কেবিনেটৰ সতীৰ্থসকলক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছে। পুঁজি মুকলি প্ৰক্ৰিয়াৰ এই সৱলীকৰণে উল্লেখিত আঁচনি দুখনৰ অধীনত বৰ্তমানলৈ থকা ১৫ লাখতকৈ অধিক পেঞ্চনাৰলৈ নিৰ্দ্ধাৰিত সময়ত মাহিলী প্ৰদান সুনিশ্চিত কৰিব বুলিও তেওঁ কয়। উল্লেখ্য যে, শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ অধীনত এতিয়ালৈ ১২,৫৬,৮৯৮ গৰাকী হিতাধিকাৰীয়ে পেঞ্চন লাভ কৰি আছে আৰু নতুনকৈ হোৱা অনুমোদনৰ সৈতে এই আঁচনিৰ অধীনত সৰ্বমুঠ ১৩,১৫,৭৫৯ গৰাকী হিতাধিকাৰী হৈছেগৈ। আনহাতে ইন্দিৰা মিনি সাৰ্বজনীন বিধবা পেঞ্চন আঁচনীৰ অধীনত ইতিমধ্যে ১,৭০,০৩৪ গৰাকী বিধবা মহিলা উপকৃত হোৱাৰ লগতে নতুন অনুমোদনৰ সৈতে বৰ্তমান এই আঁচনিৰ অধীনৰ হিতাধিকাৰী সংখ্যা হৈছে ১,৮৫,৩৩২ গৰাকী। দুয়োখনেই আঁচনিয়েই সাৰ্বজনীন ৰূপত ৰূপায়িত হৈ থকাৰ বাবে আগন্তুক দিনত হিতাধিকাৰীৰ সংখ্যা আৰু অধিক হবগৈ। এই আঁচনিৰ সুবিধা ল’বৰ বাবে যোগ্যসকলো ব্যক্তিকে আগবাঢ়ি আহি এই আঁচনিৰ দ্বাৰা উপকৃত হ’বলৈ মন্ত্ৰী দাসে আহ্বান জনাইছে।
Trending
- NSE and India Habitat Centre Partner to Empower Citizens with Financial Literacy
- পথিকৰ উদ্যোগত যোৰহাটত চাইক্লাথন
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ উদ্যোগত মধুপুৰ সত্ৰত সাঁচিপতীয়া পুথি পঠন-সংৰক্ষণ শীর্ষক কর্মশালা সম্পন্ন
- জাপানৰ ওছাকাত অনুষ্ঠিত হোৱা ৱৰ্ল্ড এক্সপ’ ২০২৫ত অসম ৰাজ্যিক প্ৰেক্ষাগৃহ উদ্বোধন
- ৰোগৰ নিৰ্ণয়ৰ পৰীক্ষা সমূহৰ মাচুল নিয়ন্ত্রণৰ বাবে গণস্বাক্ষৰ অভিযানৰ আৰম্ভণি আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰদান
- India is Emerging as a Financial Powerhouse, Says NSE Chief
- ক্ৰীড়াৰ জৰিয়তে এইচ ডি এফ চি বেংক পৰিৱৰ্তনে আজিলৈকে ৫ হাজাৰ ব্যক্তিক প্ৰভাৱিত কৰিছে।
- BJP Government Committed to Reclaiming Land from Infiltrators: Amit Shah
- আজাৰা পাটগাঁৱত বি এছ এফৰ আন্তঃকমাণ্ড মহিলা ক্ৰীড়া সমাৰোহৰ সামৰণি
- চীন দূতাবাসৰ পাঁচজনীয়া কূটনীতিবিদৰ দলৰ কটন বিশ্ববিদ্যালয় পৰিদৰ্শন