অত্যাধুনিক বিলাসী যান-বাহনে নিতৌ ৰাজপথত ভিৰ কৰাৰ সময়তো চাইকেল আৰোহী এগৰাকী নিজৰ পথত নীৰৱে আগবাঢ়ি গৈ থকাটো স্বাভাৱিকতে মন কৰিবলগীয়া দিশ। সদাব্যস্ত ৰাজপথত যিকোনো লোককে নিমিষতে নষ্টালজিক কৰি তুলিব পৰাটো চাইকেল আৰোহীৰ বিশেষ কৃতিত্ব। পথৰ সুৰক্ষা, সেউজ পৰিৱেশলৈয়ো চাইকেল আৰোহীৰ অৱদান কম নহয়। সেয়ে ৩জুনৰ “ৱৰ্ল্ড বাইচাইকেল ডে”ৰ প্ৰাকক্ষণত ৰাজপথত চাইকেল আৰোহীক উপযুক্ত সন্মান, সুৰক্ষা আৰু অগ্ৰাধিকাৰ দিবলৈ যানবাহন ব্যৱহাৰকাৰীক আহ্বান জনাইছে ৰাজ্যৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে। তেওঁ কয় যে, প্ৰতিখন চহৰ-নগৰৰ লগতে ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীত নিতৌ কেইবালাখ যানবাহন একাধাৰে চলি থকাৰ সময়তো চাইকেল আৰোহীয়ে নিজে অসুৰক্ষিত হৈ থাকিও কাকো অকণো অসুবিধা নকৰাকৈ সুৰক্ষিত যাতায়াত অব্যাহত ৰখাটো যাতায়াত ব্যৱস্থাটোৰ বাবেই এক উল্লেখযোগ্য দিশ। কিয়নো দুচকীয়া বাহন চাইকেলৰ পৰা কেতিয়াও কোনোধৰণৰ ধোঁৱা নোলায়, অৰ্থাৎ চাইকেলে প্ৰদূষণ সৃষ্টি নকৰে, বায়ু প্ৰদূষণ,শব্দ প্ৰদূষণ যিয়ে নহওক লাগে। বৰঞ্চ যান-বাহনৰ অহৰহ মন-মগজুক আঘাত কৰা বহুজাতীয় শব্দৰ বিপৰীতে চাইকেলৰ শব্দই সকলোকে পুলকিতহে কৰি তোলে। মুঠতে ৰাজকোষলৈ কোনো কৰকাটল আগবঢ়াব নোৱাৰিলেও চাইকেলে সকলো যানবাহন ব্যৱহাৰকাৰীক সুৰক্ষা আৰু সেউজ পৰিবেশৰ অনুকৰণীয় আদৰ্শ দেখুৱায়। সেয়ে কাইলৈৰ “ৱৰ্ল্ড বাইচাইকেল ডে”ৰ পৰাই সকলো পথ-যানবাহন ব্যৱহাৰকাৰীকে চাইকেল চলাবলৈ আহ্বান জনাই বিশেষ কতৰ্ব্যৰত বিষয়াগৰাকীয়ে কয় “আহক আমি চাইকেল চলাওঁ, সুৰক্ষিত পথ আৰু সেউজ পৰিৱেশ গঢ়ি তোলোঁ ৷” কিয়নো হৃদযন্ত্ৰৰ স্বাস্থ্য উন্নত কৰাৰ বাবেও চাইকেল চলোৱাটো উৎকৃষ্ট উপায় ৷ নিয়মিত চাইকেল চলোৱা কাৰ্যই হৃদযন্ত্ৰৰ পেশী শক্তিশালী কৰে, জিৰণি লোৱাৰ সময়ত শৰীৰত প্ৰশান্তি দিয়ে আৰু তেজৰ চৰ্বিৰ মাত্ৰা হ্ৰাস কৰে। চাইকেল চলোৱাৰ অভ্যাসে নিজৰ লগতে সমাজখনক সেউজ আৰু সুৰক্ষিত হৈ থকাত সহায় কৰিব। এই সময়ত যানবাহনৰ শব্দ আৰু বায়ু প্ৰদূষণেই প্ৰাকৃতিক পৰিৱেশ অত্যধিক পৰিমাণে কলুষিত কৰি তুলিছে বুলিও তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন