দক্ষিণ কামৰূপৰ উদ্যোগীক অঞ্চল পলাশবাৰীস্থিত চেণ্টপ্লাই উদ্যোগে আজি এক বৃক্ষ ৰোপন তথা গছপুলি বিতৰণ আঁচনি ৰূপায়ণ কৰে। এই উপলক্ষে অনুষ্ঠিত হোৱা সভাত মুখ্য অতিথি তথা বিশিষ্ট সমাজকৰ্মী নাৰায়ণ চৌধুৰীয়ে উপস্থিত থাকি এই বৃক্ষৰোপন কাৰ্যসূচী তথা আঁচনিৰ শুভাৰম্ভ কৰি এটি কদম গছৰপুলি ৰোপন কৰে। চৌধুৰীয়ে গছ থাকিলেহে মানুহ থাকিব, এই বৃক্ষ ৰোপন কাৰ্যসূচী মহান বুলি কৈ গছ পুলি সকলোকে ৰুবলৈ আহ্বান জনায়। চেণ্টাপ্লাই উদ্যোগে গ্ৰহণ কৰা গছপুলি ৰোপন আৰু বিতৰণ আঁচনিক আদৰণিয় পদক্ষেপ বুলি কয়। লগতে আমাৰ অঞ্চলৰ বহুত মাটি এনেই আছে তাত চেণ্টাপ্লাই উদ্যোগৰ বৃক্ষ ৰোপন আঁচনি গ্ৰহণ কৰিবলৈ আহ্বান জনায় সমাজকৰ্মী নাৰায়ণ চৌধুৰীয়ে। অনুষ্ঠানত চেণ্টপ্লাই উদ্যোগৰ মুখ্য কাৰ্যবাহী সঞ্চালক যোগেশ কুমাৰ চৌধুৰী বৃক্ষ ৰোপন কাৰ্যসূচীৰ অংশ হিচাপে এটি গছপুলি বিতৰণৰ বৃহৎ প্ৰকল্প হাতত লোৱা হৈছে। এই বৃহৎ প্ৰকল্প হিচাপে কদম গছ বাচনি কৰি প্ৰাকৃতিক পৰিবেশৰ ভাৰসাম্য বজাই ৰখাৰ বাবে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি কয়। এই আঁচনি গ্ৰহণ কৰি কদম গছ অঞ্চলটোৰ লোকসকলে নিজা মাটিত ৰোপন কৰিবৰ বাবে চেণ্টপ্লাই উদ্যোগৰ লগত এখন চুক্তি সম্পাদন কৰিব লাগিব। লগতে গছডাল ডাঙৰ হোৱাৰ পিছত চেণ্টপ্লাই উদ্যোগে উচিত মূল্য দি ক্ৰয় কৰিব। চুক্তি সম্পাদন নকৰি কদম গছৰ পুলি উদ্যোগটোৰ পৰা ক্ৰয় কৰিব পাৰিব। ইয়াৰ জড়িয়তে অঞ্চলটো সেইজীকৰণৰ লগতে স্বাৱলম্বী নিদৰ্শন দাঙি ধৰিব বুলি কয়। লগতে পলাশবাৰীৰ পৰা মিৰ্জালৈ নতুনকৈ নিৰ্মাণ হোৱা পথচোৱাত গছ পুলি ৰোপন কৰিব বুলি ভাষণ প্ৰসঙ্গত উল্লেখ কৰে চেণ্টপ্লাই উদ্যোগৰ মূখ্য কাৰ্যবাহী সঞ্চালক গৰাকীয়ে। আজিৰ এই মহান কাৰ্যসূচীত চেণ্টপ্লাই উদ্যোগৰ তৰফৰ পৰা প্ৰথমে বিশিষ্ট সমাজকৰ্মী নাৰায়ণ চৌধুৰীক এটি কদম গছৰ পুলি প্ৰদান কৰাৰ লগতে সভাত উপস্থিত সকলোকে কদম গছৰ পুলি বিতৰণ কৰে। এই অনুষ্ঠানত অঞ্চলটোৰ কেইবাজনো গাওঁবুঢ়া উপস্থিত থাকে।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি