অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ এক আনন্দৰ বতৰা লগতে পলাশবাৰী সমষ্টিবাসীৰ সু-খবৰ। পলাশবাৰী সমষ্টিৰ মাৰভিঠাত অতি সোনকালে স্থাপন কৰা হ’ব দেশৰ উচ্চ শিক্ষাৰ অন্যতম বৃহৎ প্ৰতিষ্ঠান ‘ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট’। এই উপলক্ষে আজি বাটৰহাটস্থিত দক্ষিণ কামৰূপ জিলা বিজেপিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ফটকা ফুটাই নৰেন্দ্ৰ মোডী জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ দি আনন্দ উল্লাস কৰে। এই সন্দৰ্ভত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই অসম তথা সমগ্ৰ উত্তৰ-পূৱ বাসীৰ লগতে আমাৰ পলাশবাৰী সমষ্টিবাসীৰ বাবে এটি সু-খবৰ তথা ঐতিহাসিক প্ৰাপ্তি বুলি কয়। লগতে আমাৰ পলাশবাৰী সমষ্টিবাসীয়ে লাভ কৰিলে এক বৃহৎ উপহাৰ । অচিৰেই পলাশবাৰী সমষ্টিৰ মাৰাভিঠাত স্থাপন কৰা হ’ব দেশৰ উচ্চ শিক্ষাৰ অন্যতম বৃহৎ ‘ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট’ প্রতিষ্ঠান। প্ৰায় ৫০০ বিঘা ভূমিত নিৰ্মাণ হ’বলগীয়া প্ৰতিষ্ঠানখনে নি:সন্দেহে আমাৰ অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। এই অমূল্য উপহাৰৰ বাবে সমগ্ৰ পলাশবাৰী সমষ্টিবাসীৰ হৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক ঠাকুৰীয়াই। আনহাতে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলি কলিতা মেধীয়ে গুৱাহাটী লোকসভা সমষ্টিৰ পলাশবাৰীত আই.আই.এম প্ৰতিষ্ঠান স্থাপন কৰিবলৈ ওলোৱাত দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে একজিট পলৰ সমীক্ষাক আদৰণি জনোৱাৰ লগতে নিৰ্বাচনত জয়ী হব বুলি আশা প্ৰকাশ কৰে। লগতে দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামীয়ে পলাশবাৰী সমষ্টিৰ উন্নয়ণৰ বাবে বিধায়ক হেমাংগ ঠাকুৰীয়াই যিদৰে কাম কৰি আহিছে তাৰ বাবে বিধায়ক ধন্যবাদ জনোৱাৰ লগতে প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰে। আনহাতে পলাশবাৰী সমষ্টিৰ মাৰভিঠাত ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেণ্ট’ প্ৰতিষ্ঠান স্থাপন হবলগীয়া ভূমি দৰা পৰিদৰ্শন কৰে বিধায়ক হেমাংগ ঠাকুৰীয়াই।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন