মুভ ওৱেল প্লাচ ফিজিঅ’ থেৰাপী এণ্ড স্পৰ্টছ ইঞ্জুৰি ক্লিনিকৰ চিকিৎসক তথা ফিজিঅ থেৰাপিষ্ট ডা: পল্লৱী নাথৰ উদ্যোগত আৰু ৰামপুৰ ফুটবল কোচিং চেণ্টাৰৰ সহযোগত অলপতে বিশ্ব ফিজিঅ’থেৰাপি দিৱস উদযাপন কৰা হয়। পোন প্ৰথমবাৰৰ বাবে দক্ষিণ কামৰূপৰ ৰামপুৰত ড০ ভূপেন হাজৰিকা সাংস্কৃতিক মঞ্চত অনুষ্ঠিত হোৱা উক্ত দিৱস উপলক্ষে অনুষ্ঠিত হোৱা সভাৰ আঁতধৰে অসম বিজ্ঞান সমিতিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক প্ৰসেনজিৎ কলিতাই। অনুষ্ঠানত ফিজিঅ’ চিকিৎসক তথা মোভ ৱেল প্লাছ ফিজিঅ’থেৰাপি চেণ্টাৰৰ মুখ্য চিকিৎসক ডা: পল্লৱী নাথে উপযুক্ত আৰু বিজ্ঞান সন্মত পৰামৰ্শ নোৱলোৱাকৈ ৰোগীয়ে কেতিয়াও শাৰিৰীক ব্যায়াম কৰিব নালাগে বুলি কয়। লগতে বিভিন্ন ধৰণৰ বিষ যেনে আঠু, ডিঙি পেৰালাইছিছ নাৰ্ভৰ সমস্যা আদিৰ চিকিৎসা সেৱা ফিজিঅ’থেৰাপী উপযুক্ত বিকল্প বুলি কোৱাৰ লগতে ঔষধ অবিহনে ৰোগীয়ে কিদৰে এই চিকিৎসাৰ দ্বাৰা নিৰাময় হব পাৰে তাৰ বিষয়েও চিকিৎসক ডা: পল্লৱী নাথে ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। অনুষ্ঠানত ক্ৰীড়া প্ৰশিক্ষক অমৰেন্দ্ৰ ঠাকুৰীয়া আৰু শিক্ষক অনিল কলিতাই খেলা-ধুলাৰ লগতে বিভিন্ন ৰোগ নিৰাময় ক্ষেত্ৰত ফিজিঅ’থেৰাপি চিকিৎসাই অন্যতম ভুমিকা লৈ আহিছে বুলি ভাষণত উল্লেখ কৰে। অনুষ্ঠানত সাংবাদিক বিমল শৰ্মা, ৰামপুৰ ফুটবল কোচিং চেণ্টাৰৰ মুখ্য প্ৰশিক্ষক তপন কলিতা, প্ৰাক্তন ৰাষ্ট্ৰীয় খেলুৱৈ ৰূপা দাস ঠাকুৰীয়া, প্ৰাক্তন ৰাজ্যিক ফুটবলাৰ নৰেন দাস, ৰামপুৰ মহিলা ফুটবল দলৰ প্ৰশিক্ষক শিল্পী তাঁতীকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখ্য যে, মুভ ওৱেল প্লাচ ফিজিঅ’থেৰাপী এণ্ড স্পৰ্টছ ইঞ্জুৰি ক্লিনিকৰ চিকিৎসক তথা ফিজিঅ থেৰাপিষ্ট ডা: পল্লৱী নাথৰ প্ৰেচেষ্টাত আজাৰাৰ ভি.আই.পি আৰু পলাশবাৰীৰ বিজয়নগৰত দুটাকে ফিজিঅ’থেৰাপি কেন্দ্ৰ মুকলি কৰি চিকিৎসা সেৱা আগবঢ়াই আহিছে।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা