দৰঙত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ একাধিক কাৰ্যসূচীত অংশগ্ৰহণ

0 163

পৰিৱেশ আৰু বন মন্ত্ৰী তথা দৰঙ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে আজি দৰঙত কেইবাটাও উন্নয়নমূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰে।মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ধূলাত মঙলদৈ আদৰ্শ মহিলা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰীগৰাকীয়ে। ৰাজ্যত চৰকাৰে স্থাপন কৰি থকা ৯ খন আদৰ্শ মহিলা মহাবিদ্যালয়ৰ ভিতৰত এইখনো এখন।

অনুষ্ঠানত ভাষণ দি মন্ত্ৰী পাটোৱাৰীয়ে কয় যে অসম চৰকাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গতিশীল নেতৃত্বত নাৰী সৱলীকৰণৰ সুনিশ্চিত কৰাৰ বাবে ৰাজ্যৰ সংখ্যালঘু আধিপত্য থকা অঞ্চলসমূহত নাৰী শিক্ষাৰ প্ৰসাৰৰ বাবে প্ৰচেষ্টা চলাই আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মূলমন্ত্ৰ ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস’ ক সৰোগত কৰি ৰাজ্য চৰকাৰে সমাজৰ সকলো শ্ৰেণীৰ সম উন্নয়নৰ বাবে চেষ্টা কৰি আছে আৰু আদৰ্শ মহিলা মহাবিদ্যালয় স্থাপন কৰাটো সেই দিশত এক সবল পদক্ষেপ।

তেওঁ জনায় যে ৰাজ্যৰ ৯ খন মহিলা মহাবিদ্যালয় নিৰ্মাণৰ বাবে প্ৰতিখনকে ২৩ কোটিকৈ টকা আবণ্টন দিয়া হৈছে আৰু এবাৰ সম্পূৰ্ণ হ’লে এই মহাবিদ্যালয়সমূহে ছাত্ৰীসকলক গুণগত মানৰ উচ্চ শিক্ষা প্ৰদান কৰিবলৈ সক্ষম হ’ব আৰু সংখ্যালঘু অঞ্চলৰ কন্যাসকলৰ বাবে এক সবল পৰিৱেশ নিশ্চিত কৰিব পাৰিব।

ইয়াৰ পিছতে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী যোগেন মোহনে উদ্বোধন কৰা ধূলাস্থিত নতুনকৈ সৃষ্ট পূৱ মঙলদৈ ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে। উদ্বোধনী কার্যসূচীত ভাষণ দি মন্ত্রী পাটোৱাৰীয়ে আশা প্রকাশ কৰে যে নতুন ৰাজহ চক্রটোৰ সৃষ্টিৰ ফলত শ্যামাবাৰী, ৰঙামাটি আৰু চাপাই মৌজাৰ উন্নয়ন ক্ষীপ্ৰ হ’ব আৰু লগতে ভূমি সম্পৰ্কীয় সেৱাসমূহ ক্ষিপ্ৰতাৰে প্রদানৰ সুবিধা হ’ব৷

ইয়াৰ পূৰ্বে দিনজোৰা কাৰ্যসূচী আৰম্ভ কৰি পাটোৱাৰীয়ে মঙলদৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ধূলা হাইস্কুল পৰিদৰ্শন কৰি শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰাৰ লগতে ইয়াৰ সা-সুবিধাসমূহৰ বুজ লয়। তাত নামভৰ্তি কৰা ২০০০ৰো অধিক ছাত্ৰ-ছাত্ৰীক গুণগত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত বিদ্যালয়খনে গ্ৰহণ কৰা ভূমিকাক মন্ত্ৰীগৰাকীয়ে শলাগ লয়।

মঙলদৈৰ সাংসদ দিলীপ শইকীয়া, মঙলদৈ বিধায়ক বসন্ত দাস, এ এফ ডি চিৰ অধ্যক্ষ গুৰুজ্যোতি দাসেও এই ভ্ৰমণৰ সময়ত মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে।ধূলাত অনুষ্ঠিত কাৰ্যসূচীসমূহৰ শেষত, ২০২০-২১ আৰু ২০২১-২২ বৰ্ষৰ ব্লক পৰ্যায়ৰ বৈঠকত অনুমোদিত টাইড আৰু আনটাইড দুয়োটা পুঁজিৰ অধীনৰ আঁচনিসমূহৰ পৰ্যালোচনা কৰাৰ বাবে দৰং উপায়ুক্ত কাৰ্যালয়ৰ কনফাৰেন্স হলত আয়োজিত জিলা পৰ্যায়ৰ উপদেষ্টা তথা মনিটৰিং কমিটীৰ বৈঠকৰ অধ্যক্ষতা কৰে অভিভাৱক মন্ত্ৰী পাটোৱাৰীয়ে।

Leave A Reply

Your email address will not be published.