পলাশবাৰী মিৰ্জা গোপালপুৰ ৰাইজ গয়ৰহৰ ঐতিহ্যমণ্ডিত ১৯৫৪ চনতে স্থাপিত হোৱা নামঘৰটো পুন: নিৰ্মাণ কৰি আটকধুনীয়াকৈ সাজি উলিওৱা হৈছে। সেয়েহে উক্ত নামঘৰটো ধৰ্মীয় ৰীতি নীতিৰে যোৱা ৫ মে’ত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে শুভ-উদ্বোধন কৰা হয়। কাৰ্যসূচী অনুসৰি পুৱা ধৰ্ম ধ্বজা উত্তোলন কৰে দেৱৰু কলিতা আৰু স্মৃতি তৰ্পন কৰে সোণেশ্বৰ কলিতা, ভূপেন কলিতাই। ইয়াৰ পিছতে আয়তীৰ পানী তোলা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই উপলক্ষে বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা বৃক্ষৰোপন কৰা হয়। ৯ বজাত বিগ্ৰহ স্থাপন কৰা হয়। ইয়াৰ পিছতে নামঘৰ মুকলি কৰে প্ৰসন্ন কলিতা আৰু দীনেশ চন্দ্ৰ কলিতাই। ১০ বজাত মণিকূটৰ দ্বাৰ মুকলি কৰে কালিকান্ত দাস, বাণেশ্বৰ কলিতা আৰু ৰুদ্ৰেশ্বৰ কলিতাই।১০.১৫ বজাত কাৰ্যালয় আৰু ভড়াল ঘৰৰ দ্বাৰ মুকলি কৰে উদয় মেধী, চন্দ্ৰধৰ কলিতা, মহেশ চন্দ্ৰ কলিতা,নৃপেন কলিতাই। ১০.৩০ বজাত ভাগৱত পাঠ কৰে উৎপলানন্দ আচাৰ্য আৰু আচাৰ্য কন্দৰ্প শৰ্মাই। ইয়াৰ পিছতে প্ৰসাদ বিতৰণ, আয়তীসকলৰ নাম অনুষ্ঠিত হয়। সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন আৰু নাগাৰা নাম অনুষ্ঠিত হয়।
Trending
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি
- গুৱাহাটীত এইচ ডি এফ চি বেংকে নতুনকৈ মুকলি কৰিলে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী