কালি ৫ মে’ তাৰিখে কৰিমগঞ্জ লোকসভা সমষ্টিত অসম গণ পৰিষদৰ বিশেষ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত হোৱাৰ পিছত বৰাক উপত্যকাত আজি দ্বিতীয় দিনা ৬ মে’ তাৰিখে কাছাৰ জিলা শিচলৰ চহৰৰ মাজমজিয়াত শিলচৰ লোকসভা সমষ্টিৰ কেইবা হেজাৰো দলীয় কৰ্মকৰ্তাৰ উপস্থিতিত অগপ দলৰ আন এখন বিশেষ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত হয়। সন্মিলনত সভাপতিত্ব কৰে দলটোৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই। প্ৰগতিশীল জাতীয়তাবাদী চিন্তাধাৰাৰে ঐক্যবদ্ধভাৱে বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম সকলোতে নতুন প্ৰজন্মৰ হৃদয়লৈ অগপক লৈ যাব লাগিব, যাতে অসম গণ পৰিষদে সকলো নিৰ্বাচনী যুঁজতে হেলাৰঙে বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হব বুলি দলীয় কৰ্মকৰ্তাসকলক সম্বোধন কৰি সভাপতি অতুল বৰাই কয় যে, যিকোনো প্ৰতিবন্ধকতা আৰু প্ৰত্যাহ্বান নেওচি বৰাক-ব্ৰহ্মপুত্ৰ, পাহাৰ-ভৈয়াম সকলোতে অসম গণ পৰিষদক অধিক শক্তিশালী কৰাটোৱেই দলটোৰ প্ৰধান লক্ষ্য। কৰিমগঞ্জৰ দৰে আজি কাছাৰ জিলাৰ অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকলৰো পাৰভঙা উৎসাহে অত্যন্ত অভিভূত হৈ সভাপতি বৰাই দৃঢ়তাৰে কয় যে বৰাকৰ নীলিম আকাশত অসম গণ পৰিষদৰ কৰ্মকৰ্তাসকলে গৌৰৱ ধ্বজা অনাগত দিনবোৰত শক্তিশালীভাৱে ধৰি ৰাখিব পাৰিব। ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমান্তৰালভাৱে বৰাক উপত্যকাতো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সৰ্বস্তৰৰ জনসাধাৰণৰ সমৰ্থনেৰে অসম গণ পৰিষদে অপ্ৰতিৰোধ্য গতি লাভ কৰিছে আৰু আজি শিলচৰ লোকসভা সমষ্টিৰ অৰ্ন্তগত সাতটা বিধান পৰিষদৰ কৰ্মী সকল একত্ৰিত হৈ আয়োজন কৰা শিলচৰ লোকসভা সমষ্টি ভিত্তিক বিশেষ কৰ্মকৰ্তা সন্মিলনত উপস্থিত থাকি সুস্পষ্ট ইঙ্গিত বহন কৰিছে বুলি উল্লেখ কৰে ৷ অগপ দলক সমৰ্পিত কৰ্মকৰ্তা সকলৰ নিৰন্তৰ প্ৰয়াসৰ ফলত অগপৰ এই দুৰন্ত গতিয়ে সৰ্বব্যাপী প্ৰসাৰিত হোৱাৰ কামনা কৰে। অসমৰ বুকুত অসম গণ পৰিষদ শক্তিশালী হোৱা মানেই আঞ্চলিকতাবাদ শক্তিশালী হোৱা আৰু আঞ্চলিকতাবাদ শক্তিশালী হোৱা মানেই অসম সুৰক্ষিত হোৱা। শিলচৰ লোকসভাৰ সমষ্টিৰ অন্তৰ্গত অগপৰ সাতোটা বিধান পৰিষদৰ কৰ্মকৰ্তাসকলক জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো লোককে একত্ৰিত কৰি দলটোৰ সাংগঠনিক ভেটি মজবুত কৰাৰ বাবে নিষ্ঠাৰে আত্মনিয়োগ কৰিবলৈ সভাপতি বৰাই আহ্বান জনায়।দলৰ কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্ত সন্মিলনত উপস্থিত থাকি দলৰ সভাপতি অতুল বৰা ডাঙৰীয়াৰ সুদক্ষ নেতৃত্বত অগপ দলে অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত এক শক্তিশালী আঞ্চলিক শক্তি হিচাপে অৱস্থান কৰিছে বুলি মতপ্ৰকাশ কৰে। আসন্ন পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত বিৰোধীক নসাৎ কৰি মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ বাবে দল এতিয়াৰে পৰা তৎপৰ হব লাগিব বুলি কাৰ্য্যকৰী সভাপতি মহন্তই মন্তব্য কৰে ৷ আগন্তুক নিৰ্বাচন সমূহত মিত্ৰজোঁটৰ শক্তিশালী অংশীদাৰ হিচাপে যাতে বৰাক উপত্যকাক শক্তিশালী দুৰ্গলৈ পৰিনত কৰিব পৰা যায়, তাৰবাবে তৃণমূল পৰ্যায়ৰ পৰাই দলটোক টনকিয়াল কৰিবলৈ মহন্তই আহ্বান জনাই কয় যে, সমাগত নিৰ্বাচনত অসম গণ পৰিষদ দলৰ কৰ্মীসকলৰ ঐক্যবদ্ধ প্ৰচেষ্টাত বৰাক উপত্যকাত মিত্ৰজোঁটৰ বিজয় ৰথে দুৰন্ত গতি লাভ কৰিব । সন্মিলনত দলৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, সাংসদ তথা দলৰ সাধাৰণ সম্পাদক বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, সাধাৰণ সম্পাদক ভূপেন ৰায়, বিমলেন্দ সিংহ, উপ-সভাপতি সুনীল ডেকা, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু শিলচৰ লোকসভা সমষ্টিৰ অন্তৰ্গত সমূহ জিলা আৰু বিধান পৰিষদৰ বিষয়ববীয়া আৰু সদস্যসকল, অগপৰ বিভিন্ন স্তৰৰ জ্যেষ্ঠ-কনিষ্ঠ নেতা আৰু বিষয়ববীয়াসকল, অসম যুৱ পৰিষদ, অসম ছাত্ৰ পৰিষদ, অসম কৃষক পৰিষদ, অসম মহিলা পৰিষদ প্ৰমুখ্যে আন ভাতৃ-ভগ্নী সংগঠনৰ বিষয়ববীয়াসকল, কৰ্মকৰ্তাসকল আজিৰ সভাত উপস্থিত থাকে।
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem