গুৱাহাটী মহানগৰীৰ জি এছ ৰোডত অৱস্থিত পল্লৱী মটৰ্চত আজি এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত মাৰুটি চুজুকীৰ নৱতম সংযোজন ব্রেজাৰ এক নতুন মডেল মুকলি কৰে ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে। আটকধুনীয়া বাহনখন মুকলি কৰি পল্লৱী মটৰ্চ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যক অভিনন্দন জনোৱাৰ লগতে বাহনখনৰ সুৰক্ষাৰ ক্ষেত্ৰত সংযোজিত দিশসমূহে ৰাজ্যৰ ৰাজপথত এক সুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তোলাত অগ্ৰাধিকাৰ লাভ কৰিব বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ৰাজপথত এক সুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তোলাৰ বাবে জনোৱা আহ্বানলৈ সৰ্বস্তৰৰ ৰাইজক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায় ৷ নিয়ন্ত্ৰিত গতিতহে বাহন চলোৱাৰ লগতে কোনোৱে যাতে ৰাগীয়াল দ্ৰব্য সেৱন কৰি গাড়ী নচলায় সেই কথা উল্লেখ কৰি তেওঁ পথসুৰক্ষাৰ ক্ষেত্ৰত মানি চলিবলগীয়া নিৰ্দেশনা সমূহৰ প্ৰতি সময়তে মনোনিৱেশ কৰিবলৈ আহ্বান জনায়।উল্লেখ্য যে বাহনখনৰ মুকলি অনুষ্ঠানত মাৰুতি চুজুকীৰ দিব্য মিশ্ৰ, জোনমণি চক্ৰৱৰ্তী, দ্বীপেন বৈশ্যকে ধৰি কেইবাগৰাকীও বিষয়ববীয়া উপস্থিতি থাকে।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা