ৰাজ্যখনৰ পশুপালন খণ্ডৰ আশাব্যঞ্জক উৎপাদন,বিক্ৰী আৰু বাণিজ্যিকিকৰণৰ ক্ষেত্ৰত থকা সমস্যাসমূহ পৰ্যায়ক্ৰমে দূৰীকৰণৰ ব্যৱস্থা কৰা হ’ব। এই কথা ব্যক্ত কৰে কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাই। মহানগৰীৰ খানাপাৰাস্থিত পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত চলি থকা পশুধন আৰু হাঁহ-কুকুৰা মেলাত পশুপালক আৰু উদ্যোগীৰ সৈতে হোৱা এক মতবিনিময় অনুষ্ঠানত মন্ত্ৰী গৰাকীয়ে হাঁহ, কুকুৰা, গাহৰি আৰু ছাগলী পালকসকল ৰ সৈতে পৃথকে পৃথকে বৈঠক অনুষ্ঠিত কৰি তেওঁলোকৰ সমস্যা তথা অসুবিধাসমূহৰ বুজ ল’বলৈ পশুপালন আৰু পশুচিকিৎসা বিভাগৰ বিষযা সকলক নিৰ্দেশ দিয়ে। লগতে মন্ত্ৰী বৰাই সমস্যাসমূহৰ যথাসম্ভৱ দূৰীকৰণৰ ব্যৱস্থা কৰি পশুজাত সামগ্ৰীৰ আধুনিক বাণিজ্যিকীকৰণৰ জৰিয়তে স্বনিৰ্ভৰশীল হোৱাৰ উপৰিও আন্তঃৰাষ্ট্ৰীয় বজাৰ দখল কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ পশুপালক সকলক আহ্বান জনায়। অনুষ্ঠানত অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়া উপস্থিত থাকে আৰু অধ্যক্ষ গৰাকীয়ে আৰম্ভণি ভাষণ প্ৰদান কৰি কয় যে, ৰাজ্যখনে কুকুৰা পালনৰ ক্ষেত্ৰত ইতিমধ্যে স্বনিৰ্ভৰশীল হৈছে যদিও পশুপালন খণ্ডক অধিক ত্বৰাণ্বিত কৰি কণী আৰু গাখীৰৰ ক্ষেত্ৰতো অনাগত দিনত স্বনিৰ্ভৰশীল হ’ব লাগিব। আজিৰ মতবিনিময় অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পশুপালকৰ লগতে অসম গৌৰৱ আকাশ জ্যোতি গগৈ, মনোজ বসুমতাৰী, প্ৰতিষ্ঠিত উদ্যোগী-কুকুৰাপালক ড০ পঙ্কজলাল গগৈ, পদ্মশ্ৰী বঁটা প্ৰাপক, পশুচিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডা০ কুশল শৰ্মাৰ উপৰিও অসম প’লট্ৰি ফেডাৰেচন, নৰ্থ ইষ্ট পিগ ফাৰ্মাৰ এছছিয়েচন আৰু সদৌ অসম গাহৰি পালক সন্থাৰ সভাপতি-সম্পাদকসকলে অংশ গ্ৰহণ কৰে। আটাইৰে সৈতে মন্ত্ৰী বৰাই এক অন্তৰঙ্গ আলাপত মিলিত হৈ তেওঁলোকৰ অসুবিধা তথা সমস্যাসমূহৰ বুজ লৈ সমাধানৰ আশ্বাস দিয়ে। অনুষ্ঠানত পশুপালন আৰু পশুচিকিৎসা বিভাগৰ সচিব তথা সঞ্চালক ইন্দিৰা কলিতা, অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ পৰিচালন সঞ্চালক অনিল চন্দ্ৰ দেউৰীৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখনীয় যে, ১৫ ফেব্ৰুৱাৰীৰ পৰা ১৭ ফেব্ৰুৱাৰীলৈ তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা পশুধন আৰু হাঁহ-কুকুৰা মেলা, ২০২৩ৰ লগত সংগতি ৰাখি আজিৰ দিনটোত ‘বাণিজ্যিক ভিত্তিত কণী উৎপাদন গাহৰি উৎপাদন, ‘ক্ৰেতা-বিক্ৰেতাৰ বৈঠক, ফাৰ্ম মেকানিজিম’ আদি কেইবাখনো প্ৰশিক্ষণ সত্ৰ তথা কাৰিকৰী সত্ৰ অনুষ্ঠিত হয়।মেলাত বিভিন্ন প্ৰজাতিৰ পশুধন সমূহে ৰাইজক আকৰ্ষিত কৰা দেখা গৈছে ।
Trending
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান