অসম চৰকাৰে ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰশিল্পক শক্তিশালী কৰি এই খণ্ডটোৰ লগত জড়িত শিপিনী , শিল্পী সকলে যাতে নিজৰ দক্ষতা বৃদ্ধি কৰি ইয়াক জীৱন জীৱিকাৰ উপায় হিচাপে গ্ৰহণ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । আমাৰ মিত্ৰজোঁটৰ চৰকাৰে সেইবাবেই হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ লগত জড়িত শিপিনী , শিল্পী সকলৰ দক্ষতা বৃদ্ধিৰ বাবে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছন চমুকৈ এ এছ আৰ এল এমৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰণালয়ৰ অধীনৰ সমৰ্থ আঁচনিৰ নিৰ্বাচিত শিপিনীক দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ দিয়া কাম আৰম্ভ কৰিছে । এই মন্তব্য পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ । কালি বিয়লি কাঁহিকুছি গাঁও পঞ্চায়তৰ অধীনৰ মাটিয়া পাহাৰত হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ বিকাশৰ বাবে কেবা বছৰ পূৰ্বে আভা ফাউণ্ডেশ্যনৰ উদ্যোগত স্থাপন আভা ক্ৰিয়েছনত দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ গ্ৰহণ কৰা ১৯ গৰাকী শিপিনীক মানপত্ৰ বিতৰণ কৰি এই মন্তব্য কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । বিধায়ক কলিতাই কয় অসমৰ শিল্পী – শিপিনীয়ে প্ৰস্তুত কৰা সামগ্ৰীৰ দেশ – বিদেশত বিশেষ সুনাম আছে ।আনহাতে এইক্ষেত্ৰত আভা ক্ৰিয়েছনৰ অধ্যক্ষ অনু মণ্ডলে বস্ত্ৰশিল্পটোত নতুন প্ৰযুক্তিৰ সমাহাৰ ঘটায় তাক আকৰ্ষণীয় কৰাৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লৈ কলিতাই শিপিনী সকলৰ উত্তৰোত্তৰ উন্নতি কামনা কৰে । আনহাতে আভা ক্ৰিয়েছনৰ অধ্যক্ষ অনু মণ্ডলৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত ভাৰত চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰণালয়ৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ সঞ্চালক এছ বন্দ্যোপাধ্যায় , অসম চৰকাৰৰ এ এছ আৰ এল এমৰ ৰাজ্যিক মিছন সঞ্চালক কৃষ্ণা বৰুৱা , মুখ্য অপাৰেটিং বিষয়া ডঃ হিমাদ্রি কোঁচ , ৰাজ্যিক প্ৰকল্প প্ৰবন্ধক ধ্ৰুৱজ্যোতি গগৈ , কাঁহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া , অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰীকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে ।
Trending
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta