অসম চৰকাৰে ৰাজ্যৰ হস্ততাঁত আৰু বস্ত্ৰশিল্পক শক্তিশালী কৰি এই খণ্ডটোৰ লগত জড়িত শিপিনী , শিল্পী সকলে যাতে নিজৰ দক্ষতা বৃদ্ধি কৰি ইয়াক জীৱন জীৱিকাৰ উপায় হিচাপে গ্ৰহণ কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । আমাৰ মিত্ৰজোঁটৰ চৰকাৰে সেইবাবেই হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ লগত জড়িত শিপিনী , শিল্পী সকলৰ দক্ষতা বৃদ্ধিৰ বাবে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা মিছন চমুকৈ এ এছ আৰ এল এমৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰণালয়ৰ অধীনৰ সমৰ্থ আঁচনিৰ নিৰ্বাচিত শিপিনীক দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ দিয়া কাম আৰম্ভ কৰিছে । এই মন্তব্য পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ । কালি বিয়লি কাঁহিকুছি গাঁও পঞ্চায়তৰ অধীনৰ মাটিয়া পাহাৰত হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ বিকাশৰ বাবে কেবা বছৰ পূৰ্বে আভা ফাউণ্ডেশ্যনৰ উদ্যোগত স্থাপন আভা ক্ৰিয়েছনত দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ গ্ৰহণ কৰা ১৯ গৰাকী শিপিনীক মানপত্ৰ বিতৰণ কৰি এই মন্তব্য কৰে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই । বিধায়ক কলিতাই কয় অসমৰ শিল্পী – শিপিনীয়ে প্ৰস্তুত কৰা সামগ্ৰীৰ দেশ – বিদেশত বিশেষ সুনাম আছে ।আনহাতে এইক্ষেত্ৰত আভা ক্ৰিয়েছনৰ অধ্যক্ষ অনু মণ্ডলে বস্ত্ৰশিল্পটোত নতুন প্ৰযুক্তিৰ সমাহাৰ ঘটায় তাক আকৰ্ষণীয় কৰাৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰ শলাগ লৈ কলিতাই শিপিনী সকলৰ উত্তৰোত্তৰ উন্নতি কামনা কৰে । আনহাতে আভা ক্ৰিয়েছনৰ অধ্যক্ষ অনু মণ্ডলৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত ভাৰত চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প মন্ত্ৰণালয়ৰ গুৱাহাটী আঞ্চলিক কাৰ্যালয়ৰ সঞ্চালক এছ বন্দ্যোপাধ্যায় , অসম চৰকাৰৰ এ এছ আৰ এল এমৰ ৰাজ্যিক মিছন সঞ্চালক কৃষ্ণা বৰুৱা , মুখ্য অপাৰেটিং বিষয়া ডঃ হিমাদ্রি কোঁচ , ৰাজ্যিক প্ৰকল্প প্ৰবন্ধক ধ্ৰুৱজ্যোতি গগৈ , কাঁহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া , অগপৰ পশ্চিম গুৱাহাটী বিধান পৰিষদৰ সাধাৰণ সম্পাদক ৰবীন দৈমাৰীকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে ।
Trending
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ
- বিশ্ব কবিতা দিৱসত কবিতাৰ বৰষুণ
- গুৱহাটীত দুখন আই পি এল মেচ খেলিব ৰাজস্থান ৰয়েলছে- নিশ্চিত কৰিলে দলৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে
- জিএন আৰ চি হাস্পাতালত বিশ্ব মগজুৰ আঘাত সংক্ৰান্তীয় সজাগতা দিৱস পালন